গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে - গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে
যোৰহাট নগৰৰ লগতে ইয়াৰ কাষৰীয়া অঞ্চলসমূহত বিভিন্ন চৰকাৰী বিভাগৰ মাজত সমম্বয়হীনতাৰ ফল ভুগিবলগীয়া হৈছে জনসাধাৰণে । যোৰহাট-নিমাতী পকী পথৰ আধা অংশ খান্দি পানী যোগান আঁচনিৰ পাইপ বহুৱাৰ পাছত পথটো পুনৰ নিৰ্মাণ নকৰাত যাতায়তৰ ক্ষেত্ৰত দুৰ্ভোগ ভুগিবলগীয়া হৈছে পথচাৰীয়ে ।
গড়কাপ্তানী বিভাগৰ গাফিলতিৰ বাবে দুৰ্ভোগ ভুগিবলগীয়া হৈছে জনসাধাৰণে
যোৰহাট, 3 মে': যোৰহাটৰ উপকন্ঠ পটিয়াফকলা পথাৰত ব্ৰহ্মপুত্ৰৰ পৰা অনা বিশুদ্ধ খোৱাপানী যোগান প্ৰকল্পৰ পানী পৰিবাহী পাইপসমুহ বহুৱাৰ ফলত যোৰহাট নিমাতী পথটো কদৰ্য ৰূপ লৈছে৷ পানী পৰিবাহী পাইপ বহুৱাৰ কাম সম্পূৰ্ণ হোৱাৰ বহু দিনৰ পাছত বৰ্তমানলৈ গড়কাপ্তানী বিভাগে পথটোৰ তিনি শতাংশও নিৰ্মাণ কাম সম্পূৰ্ণ কৰা নাই৷ বিভাগটোৰ চূড়ান্ত গাফিলতিৰ কাৰণে যাতায়তৰ ক্ষেত্ৰত ব্যাপক অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে পথচাৰী।