টীয়ক, ০৮ জুলাই :যোৰহাট জিলাৰ টীয়ক পৌৰসভাৰ অন্তৰ্গত ২ নং ৱাৰ্ডটোৰ ফৌজি কলনীৰ বাসিন্দা সকলৰ যাতায়তৰ একমাত্ৰ পথটোৰ জৰাজীৰ্ণতাৰ বাবে তেওঁলোকে দুৰ্ভোগ ভুগিবলগীয়া হৈছে । এজাক সামান্য বৰষুণতে পথৰ ওপৰত আৱদ্ধ হৈ পৰা পানীৰে পথটো বোকাময় হৈ পৰে ।
বিধ্বস্ত পথঃ গুৰুত্ব নাই পৌৰসভাৰ বিষয়ববীয়াৰ
স্থানীয় ৰাইজৰ অভিযোগ যে তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিলেও ধনৰ বলত ভোট ক্ৰয় কৰি হ'লেও নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বুলি পৌৰসভাৰ বিষয়ববীয়া গৰাকীয়ে দাবী কৰে ।
টীয়কত ভোট ক্ৰয় কৰি হলেও নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব পৌৰসভাই
ৰাইজৰ অভিযোগ অনুসৰি বিধ্বস্ত পথটো মেৰামতিৰ বাবে তেওঁলোকে ৱাৰ্ড কমিচনাৰ গৰাকীক বাৰম্বাৰ দাবী জনোৱাৰ পাচতো তেওঁ এই সন্দৰ্ভত কোনে কানসাৰ দিয়া নায় । যাৰ পৰিণতিত ৱাৰ্ডটোৰ বাসিন্দা সকলে বহু অসুবিধাৰ সন্মুখীন হ'ব লগীয়া হৈছে । সেয়ে ক্ষুদ্ধ ৰাইজে আগন্তুক পৌৰসভা নিৰ্বাচন বৰ্জনৰ হুংকাৰ দিয়ে । ইপিনে স্থানীয় ৰাইজৰ অভিযোগ যে তেওঁলোকে নিৰ্বাচন বৰ্জন কৰিলেও ধনৰ বলত ভোট ক্ৰয় কৰি হ'লেও নিৰ্বাচনৰ বৈতৰণি পাৰ হ'ব বুলি পৌৰসভাৰ বিষয়ববীয়া গৰাকীয়ে দাবী কৰে ।