যোৰহাট, 5 আগষ্ট : এখন ঐতিহ্যমণ্ডিত চৰকাৰী বিদ্যালয়ৰ কৰুণ ছবি । ক্ৰমান্বয়ে মৃত্যুৰ দিশলৈ গতি কৰিছে এখন চৰকাৰী বিদ্যালয়ে । ১৮৮৩ চনতে স্থাপন কৰা হৈছিল যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয় ৷ যোৰহাট চহৰখনৰ সোঁ-মাজত থকা সকলো ধৰণৰ যোগাযোগ ব্যৱস্থা থকা বিদ্যালয়খন এতিয়া জৰ্জৰিত আৰু বিধ্বস্ত ।
যোৰহাট চৰকাৰী উচ্চ মাধ্যমিক বহুমুখী বালক বিদ্যালয় বিধ্বস্ত ৰূপ এই চৰকাৰী বিদ্যালয় খনৰ পৰাই কোনোবা মন্ত্ৰী, কোনোবা বিধায়ক, কোনোবা মুখ্যমন্ত্ৰীও হ’ল ৷ কিন্তু কাৰো ভাবিবৰ আহৰি নহ’ল চৰকাৰী ঐতিহ্যমণ্ডিত বিদ্যালয় খনৰ কথা।
বৃটিছে নিৰ্মাণ কৰা বিদ্যালয় গৃহ যোৰহাটৰ আন আন চৰকাৰী বিদ্যালয় সমূহৰ বৰ্তমান অৱস্থা সুন্দৰ আৰু স্বচ্ছল । কিন্তু ঐতিহ্যমণ্ডিত এই চৰকাৰী বিদ্যালয়খনৰ এতিয়া সম্পূৰ্ণ ভগ্নপ্ৰায় । ডেক্স, বেঞ্চ, দুৱাৰ, খিৰিকীৰ অৱস্থা তথৈবচ । প্ৰাক্তন ছাত্ৰ সমূহৰ দাবী নতুনকৈ চৰকাৰে গুৰুত্ব আৰোপ কৰক । যাতে আকৌ নতুন প্ৰভাত হয় এই চৰকাৰী বিদ্যালয়খনৰ ।
মৃত্য়ুৰ ক্ষণ গণিছে অনেক আমোলা-বিষয়া গঢ় দিয়া এখন বিদ্যালয়ে শিক্ষা ব্য়ৱস্থাৰ আধুনিকীকৰণৰ কথা কৈ থকা চৰকাৰখনৰ চকু পৰিব নে এই বিদ্যালয়খনত ৷ নে এনেকৈ তিল তিলকৈ মৃত্যুৰ দিশলৈ গতি কৰিব একালৰ গৌৰৱৰ প্ৰতীক স্বৰূপ এই বিদ্যালয়খনে ৷
লগতে পঢ়ক :প্ৰতিশ্ৰুতি আৰু বঞ্চনা : অনিশ্চয়তাত 524 গৰাকী শিক্ষকৰ চাকৰিৰ ভৱিষ্যৎ