বীৰ লাচিত বৰফুকনৰ সাংস্কৃতিক প্ৰকল্পৰ বাবে লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তি গুৱাহাটী 20 ছেপ্টেম্বৰ : পূব যোৰহাটৰ হোলোঙাপাৰত নিৰ্মাণ কৰি থকা হৈছে বীৰ লাচিত বৰফুকনৰ সাংস্কৃতিক প্ৰকল্প ৷ উক্ত প্ৰকল্পত স্থাপন কৰিবলগীয়া লাচিত বৰফুকনৰ বৃহৎ প্ৰতিমূৰ্তিটোৰ কিছু অংশ বুধবাৰে যোৰহাট আহি পায়হি । পূব যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামস্থলীত নিৰ্মাণ কৰি থকা লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পত স্থাপন কৰিবলগীয়া বীৰ যোদ্ধাগৰাকীৰ আটাইতকৈ বৃহৎ প্ৰতিমূৰ্তিটোৰ কিছু অংশ গাজিয়াবাদৰ অনা হৈছে ।
উল্লেখ্য যে, যোৱা সময়ছোৱাত ৰাজ্যিক কেবিনেটে পূব যোৰহাটৰ হোলোঙাপাৰত অৱস্থিত জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামস্থলীত লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প নিৰ্মাণৰ সিদ্ধান্ত গ্ৰহণ কৰিছিল । সেই সিদ্ধান্তমৰ্মে লাচিত বৰফুকনৰ মৈদামস্থলীত লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পৰ কাম ইতিমধ্যে আৰম্ভ হৈছে ।
আনহাতে লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্পত লাচিত বৰফুকনৰ বৃহদাকাৰ প্ৰতিমূৰ্তি নিৰ্মাণ কৰা হ’ব । প্ৰতিমূৰ্তিটোৰ বিভিন্ন অংশ গাজিয়াবাদত প্ৰস্তুত কৰি থকা হৈছে । প্ৰতিমূৰ্তিটোৰ কিছু অংশ গাজিয়াবাদৰ পৰা যোৰহাটৰ হোলোঙাপাৰলৈ প্ৰেৰণ কৰা হৈছে বুলি বুধবাৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই ছ’চিয়েল মিডিয়াৰ জৰিয়তে সদৰী কৰে । মুখ্যমন্ত্ৰীগৰাকীয়ে ছ’চিয়েল মিডিয়াৰ জৰিয়তে এই কথা সদৰী কৰি কয় যে, মহান আহোম সেনাপতি মহাবীৰ লাচিত বৰফুকন অসমীয়া জাতিৰ স্বাভিমানৰ প্ৰতীক’ ।
চৰকাৰী সূত্ৰই প্ৰকাশ কৰা মতে, অসম চৰকাৰৰ বিত্ত মন্ত্ৰী তথা যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰী অজন্তা নেওগক জাতীয় বীৰ লাচিত বৰফুকনৰ মৈদামস্থলীত নিৰ্মাণৰত লাচিত বৰফুকন সাংস্কৃতিক প্ৰকল্প কামৰ নিৰীক্ষণৰ দায়িত্ব দিয়া হৈছে ৷ প্ৰায় পঞ্চাশ বিঘা ভূমিত নিৰ্মাণ কৰি থকা এই বৃহৎ প্ৰকল্পটোৰ বাবে ৰাজ্য চৰকাৰে প্ৰায় ডেৰশ কোটি টকা নিৰ্ধাৰণ কৰিছে । লোকনিৰ্মাণ বিভাগৰ সহযোগত আহলুৱালিয়া কনষ্ট্ৰাকশ্যন প্ৰাইভেট লিঃ কোম্পানীয়ে বৃহৎ প্ৰকল্পটোৰ কাম কৰি আছে । চলিত বৰ্ষৰ জানুৱাৰী মাহৰ পৰা এই প্ৰকল্পটোৰ নিৰ্মাণ কাৰ্য আৰম্ভ কৰা হৈছে ৷ অহা ২০২৫ চনৰ জুলাইৰ ভিতৰত প্ৰকল্পৰ কাম সম্পূৰ্ণ কৰাৰ লক্ষ্য নিৰ্ধাৰণ কৰা হৈছে ৷
লগতে পঢ়ক :International Handball Competition:ইণ্ডো-বাংলাদেশ আন্ত:ৰাষ্ট্ৰীয় হেণ্ডবল প্ৰতিযোগিতা