অসম

assam

By

Published : Dec 25, 2020, 1:54 PM IST

Updated : Dec 25, 2020, 2:06 PM IST

ETV Bharat / state

যোৰহাটত লণ্ডনৰ পৰা অহা লোকৰ দেহত ক’ৰণা ভাইৰাছ

শুকুৰবাৰে যোৰহাটত লণ্ডনৰ পৰা অহা এজন লোকৰ দেহত পোৱা গৈছে ক’ৰণা ভাইৰাছৰ অৱস্থিতি । তেওঁৰ সংস্পৰ্শলৈ অহা এগৰাকী যুৱতীও নতুন ক’ৰণা ভাইৰাছত আক্ৰান্ত ৷ ঘটনাক লৈ যোৰহাটত তীব্ৰ আতংক ৷ এই ক্ষেত্ৰত আতংকিত নহ’বলৈ আহ্বান জিলা উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীৰ

jorhat corona
যোৰহাটত নতুন ক’ৰণা ভাইৰাছ

যোৰহাট,25 ডিচেম্বৰ : যোৰহাটত শুকুৰবাৰে নতুন ক’ৰণা ভাইৰাছৰ সন্দেহক লৈ সৃষ্টি হৈছে আতংকৰ । লণ্ডনৰ পৰা অহা যোৰহাটৰ ৰজাবাৰী মছজিদৰ সমীপৰ আচফাকুৰ ৰহমান নামৰ এজন 46 বছৰীয়া লোকৰ দেহত পোৱা গৈছে ক’ৰণা ভাইৰাছৰ অৱস্থিতি ।

আনহাতে, তেওঁৰ সংস্পৰ্শলৈ অহা টুটুমণী ৰহমান নামৰ এগৰাকী 22 বছৰীয়া যুৱতীও আক্ৰান্ত হৈছে নতুন ক’ৰণা ভাইৰাছত । সম্প্ৰতি দুয়োগৰাকী হোম কোৱাৰেণ্টাইত থকা বুলি জানিব পৰা গৈছে ৷

যোৰহাটত নতুন ক’ৰণা ভাইৰাছ

দুয়োগৰাকীৰ দেহত পোৱা ক’ৰণা ভাইৰাছ শেহতীয়াকৈ ইংলেণ্ডত দেখা দিয়া নতুন ক’ৰণা ভাইৰাছ হয়নে নহয়, সেয়া পৰীক্ষাৰ বাবে দুয়োৰে শ্বাৱ পৰীক্ষা কৰি পুণেৰ লেব’ৰেটৰীলৈ পঠোৱা হৈছে বুলি জিলা উপায়ুক্ত ৰোশনী অপৰাঞ্জী কোৰাটীয়ে জানিবলৈ দিয়ে ৷

উল্লেখ্য যে, 12 ডিচেম্বৰত দিল্লী বিমানবন্দৰত ৰহমানৰ ক’ভিড পৰীক্ষাত নিগেটিভ ফলাফল পোৱা গৈছিল । এই ক্ষেত্ৰত আতংকিত হোৱাৰ প্ৰয়োজন নাই বুলি জিলা উপায়ুক্ত গৰাকীয়ে উল্লেখ কৰে ৷

লগতে পঢ়ক :টীয়কত চাৰিলেনযুক্ত পথ নিৰ্মাণত বিসংগতি

Last Updated : Dec 25, 2020, 2:06 PM IST

ABOUT THE AUTHOR

...view details