অসম

assam

ETV Bharat / state

চৰকাৰী আঁচনিত অনিয়মৰ অভিযোগত যোৰহাটতত গ্ৰেপ্তাৰ ৱাৰ্ড সদস্য - চৰকাৰী আঁচনিত অনিয়ম

দৰিদ্ৰ পৰিয়ালৰ বাবে চৰকাৰে ঘোষণা কৰা আঁচনিত অনিয়মৰ অভিযোগত এক গোচৰৰ ভিত্তিত,শনিবাৰে 49 নং মধ্য নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ অন্তৰ্গত 4 নং ৱাৰ্ডৰ সদস্য দিপালী বৰুৱা আৰক্ষীয়ে গ্ৰেপ্তাৰ কৰে ৷

চৰকাৰী আঁচনিত অনিয়মৰ অভিযোগত যোৰহাটতত গ্ৰেপ্তাৰ ৱাৰ্ড সদস্য
চৰকাৰী আঁচনিত অনিয়মৰ অভিযোগত যোৰহাটতত গ্ৰেপ্তাৰ ৱাৰ্ড সদস্য

By

Published : Jun 13, 2020, 4:32 PM IST

যোৰহাট, 13 জুনঃ ৰাজ্য চৰকাৰে দৰিদ্ৰ লোকৰ বাবে প্ৰদান কৰা 1000 টকাৰ আঁচনিত অনিয়মৰ অভিযোগ উত্থাপন হৈছে 49 নং মধ্য নামনি চৰাইবাহী গাঁও পঞ্চায়তৰ ৱাৰ্ড সদস্যৰ বিপৰীতে ৷ ৱাৰ্ড সদস্য দিপালী বৰুৱাৰ বিৰুদ্ধে উত্থাপন হৈছে এই অনিয়মৰ অভিযোগ ৷ অভিযুক্ত ৱাৰ্ড সদস্য দিপালী বৰুৱা পঞ্চায়তটোৰ অধীনৰ 4 নং ৱাৰ্ডৰ সদস্য ৷

চৰকাৰী আঁচনিত অনিয়মৰ অভিযোগত যোৰহাটতত গ্ৰেপ্তাৰ ৱাৰ্ড সদস্য

শনিবাৰে 747 নম্বৰত 420 ধাৰাত ৱাৰ্ড সদস্য গৰাকীৰ বিৰুদ্ধে ৰুজু হোৱা এক গোচৰৰ ভিত্তিত আৰক্ষীয়ে তেওঁক গ্ৰেপ্তাৰ কৰে ৷ আনহাতে আটকাধীন অভিযুক্ত দিপালী বৰুৱাই উল্লেখ কৰা অনুসৰি,তেওঁ সম্পূৰ্ণভাৱে ৰাজনৈতিক ষড়যন্ত্ৰৰ বলি হৈছে ৷ তেওঁৰ মতে বিজেপিৰ দলৰ প্ৰতিনিধি থকা আন পঞ্চায়ত সমূবত সংঘটিত হৈ আছে বহু দুৰ্নীতি ৷ তেওঁ কংগ্ৰেছ দলৰ হোৱাৰ বাবেই তেওঁৰ বিৰুদ্ধে কোনোৱে ষড়যন্ত্ৰ কৰা বুলি উল্লেখ কৰে আটকাধীন দিপালী বৰুৱাই ৷

লগতে পঢ়কঃভুৱা সংবাদিকৰ নামেৰে ধন দাবী কৰা যুৱক আটক

ABOUT THE AUTHOR

...view details