টীয়ক, 18 আগষ্ট : ক’ভিড প্ৰট’কল(Covid Protocol) মানি পহিলা ভাদ অৰ্থাৎ মঙলবাৰৰ পৰা টীয়কস্থিত ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰ(Dhekiakhowa Bornamghar)ত আৰম্ভ হৈছে মাহজোৰা পালনাম(Paal Nam) ৷ পহিলা ভাদৰ দিনা পুৱাৰ ভাগৰ পৰা মহাপুৰুষ মাধৱদেৱে স্থাপন কৰা এই ঢেকীয়াখোৱা বৰনামঘৰত আগমন ঘটিছে অসংখ্য ভক্তৰ ।
মঙলবাৰৰ পৰা নতুন SOP যোগে ৰাজ্যৰ মঠ-মন্দিৰসমূহ নিৰ্দিষ্ট নীতি-নিয়ম অনুযায়ী পুনৰ মুকলি কৰাৰ নিৰ্দেশ দিয়ে চৰকাৰে ৷ দীৰ্ঘদিনৰ বিৰতিৰ অন্তত বৰনামঘৰৰ দুৱাৰ খুলি দিয়াৰ পাচতে স্বাভাৱিকতে উৎফুল্লিত হৈ পৰিছে ভক্তপ্ৰাণ ৰাইজ ৷
ঢেকীয়াখোৱা বৰনামঘৰত মাহজোৰা পালনাম লগতে পঢ়ক :ঐতিহাসিক ঢেকীয়াখোৱা বৰনামঘৰত পাল নামৰ প্ৰস্তুতি
ইতিমধ্যে নামঘৰ পৰিচালনা সমিতিয়ে চৰকাৰ তথা জিলা প্ৰশাসনে যি নীতি-নিয়ম ধাৰ্য কৰি দিছে, সেই নীতি-নিয়ম আখৰে আখৰে পালন কৰিবলৈ সম্পূৰ্ণ ব্যৱস্থা গ্ৰহণ কৰিছে । প্ৰৱেশ দুৱাৰতে হাত ধোৱা, চেনিটাইজ কৰা তথা মুখত মাস্ক পিন্ধাতো বাধ্যতামূলক কৰিছে নামঘৰ পৰিচালনা সমিতিয়ে ।
লগতে ভক্তসকলক ক’ভিড প্ৰতিষেধক(Vaccine) লৈহে নামঘৰলৈ আহিবলৈ আহ্বান জনাইছে । এই পবিত্ৰ ভাদ মাহৰ পালনামত জিলা প্ৰশাসনে সম্পূৰ্ণ সহযোগিতা আগবঢ়াব বুলি মন্তব্য কৰিছে উদ্যোক্তাসকলে ।
লগতে পঢ়ক :ক'ভিডৰ বাবে উপাৰ্জন বন্ধ ঢেকীয়াখোৱাৰ ক্ষুদ্ৰ ব্যৱসায়ীৰ