যোৰহাট, 7 ফেব্ৰুৱাৰীঃ ঋণ পৰিশোধ কৰিব নোৱাৰি সন্তান বিক্ৰীৰ অভিযোগ উত্থাপিত হৈছে যোৰহাটৰ এক দম্পতীৰ বিৰুদ্ধে। জিলাখনৰ বালিগাঁৱৰ গনশতিকা গাঁৱৰ দৰিদ্ৰ পৰিয়াল প্ৰভাত বৰা আৰু জোনমনি বৰাই নিজ সন্তানক বিক্ৰী কৰি দিয়াৰ অভিযোগ উত্থাপিত কৰিছে গাঁৱৰ ৰাইজে। আনহাতে বিভিন্ন গোট, ব্যক্তিৰ পৰা বহু ঋণ লৈ পৰিশোধ কৰিব নোৱাৰাৰ বাবে সন্তান বিক্ৰী কৰাৰ এই অভিযোগ পুনচাটে নাকচ কৰিছে প্ৰভাত বৰাৰ লগতে পত্নী জোনমনি বৰাই। "একমাত্ৰ আৰ্থিক দৈন্যতা আৰু সন্তানৰ ভৱিষ্যতৰ বাবে " সম্পৰ্কীয়ক দান দিয়া বুলি জনায় অভিযুক্ত পিতৃ-মাতৃয়ে ।
ঋণ পৰিশোধ কৰিব নোৱাৰি সন্তান বিক্ৰী ! - প্ৰভাত বৰা আৰু জোনমনি বৰাই নিজ সন্তানক বিক্ৰী কৰে
বিভিন্ন গোট, ব্যক্তি পৰা বহু ঋণ লৈ পৰিশোধ কৰিব নোৱাৰাৰ বাবে সন্তান বিক্ৰী কৰাৰ এই অভিযোগ পুনচাটে নাকচ কৰিছে প্ৰভাত বৰাৰ লগতে পত্নী জোনমনি বৰাই। "একমাত্ৰ আৰ্থিক দৈন্যতা আৰু সন্তানৰ ভৱিষ্যতৰ বাবে " সম্পৰ্কীয়ক দান দিয়া বুলি জনায় অভিযুক্ত পিতৃ-মাতৃয়ে ।
ঋণ পৰিশোধ কৰিব নোৱাৰি দম্পতিৰ সন্তান বিক্ৰী অভিযোগ
আনহাতে উক্ত ঘটনা সন্দৰ্ভত যোৰহাটৰ চাইল্ড লাইনৰ বিষয়াসকলে আৰম্ভ কৰিছে চৰজমিন তদন্ত। প্ৰাৰম্ভিক তদন্তৰ অন্তত অভিযুক্ত দম্পত্তিয়ে সন্তানটি দান দিয়া বুলি জানিব পৰা গৈছে যদিও বৰ্তমানলৈ কোনো ধৰণৰ আইনগত নথি পত্ৰ দাখিল কৰা নাই। সেয়ে ৮ ফেব্ৰুৱাৰীত দুয়ো পক্ষক নিজ কাৰ্যালয়ত উপস্থিত হ'বলৈ নিৰ্দেশ দিছে চাইল্ড লাইন কতৃপক্ষই।
Last Updated : Feb 7, 2020, 10:51 PM IST