অসম

assam

ETV Bharat / state

জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং

দীৰ্ঘদিনধৰি এজাৰগুৰিত জাঁজী নদীৰ ওপৰত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল ৰাইজে ৷ কিন্তু জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাৰ বাবে আজিও হৈ নুঠিল স্থায়ী দলং ।

জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং

By

Published : May 2, 2019, 12:26 PM IST

টিয়ক , 2 মে' : বছৰৰ প্ৰথম বাঢ়নী পানীয়ে জাঁজী নদীৰ এজাৰগুৰিৰ বাঁহৰ দলংখনলৈ নমাই চৰম ভাবুকি ৷ দীৰ্ঘদিন ধৰি জাঁজী নদীৰ ওপৰত এজাৰগুৰিত এখন স্থায়ী দলং নিৰ্মাণ কৰাৰ দাবী জনাই আহিছিল যদিও জনপ্ৰতিনিধিসকলৰ অমনোযোগিতাৰ বাবে আজিও হৈ নুঠিল স্থায়ী দলংখন ।ৰাজনৈতিক নেতা সকলে নিৰ্বাচনৰ প্ৰাকক্ষণত কেৱল প্ৰতিশ্ৰুতি প্ৰদানতে নিজ নিজ দায়িত্ব শেষ কৰাৰ বাবেই এতিয়া সৰ্বসাধাৰণ ৰাইজে যমৰ যান্ত্ৰনা ভোগ কৰি থাকিব লগা হোৱাটো নিয়মত পৰিণত হৈছে ।

জাঁজী নদীত বাঢ়নী পানীয়ে খহাই নিলে দলং

লগতে পঢ়ক : মৰিগাঁৱত নৃশংস হত্যাকাণ্ড! হত্যাকাৰীক আটক আৰক্ষীৰ


প্ৰায় 20/25 খন গাঁৱৰ বহিঃজগতৰে যোগাযোগৰ একমাত্ৰ সম্বল বাঁহৰ দলংখনৰ আধা অংশ খহাই নিছে বাঢ়নী পানীয়ে ৷ যিকোনো সময়তে বাঢ়নী পানীয়ে উটুৱাই নিব পাৰে বাঁহৰ দলংখন ৷

ABOUT THE AUTHOR

...view details