যোৰহাট, 22 নৱেম্বৰ : বিহু আবেগ, বিহু অসমীয়াৰ আয়ুস ৰেখা ৷ এজন অসমীয়া হিচাপে বিহু শব্দটোৰ সৈতে কৰ শব্দটো একেলগে শুনি নিশ্চয়কৈ কাৰো ভাল নালাগিব ৷ বিহু-কৰ কিবা যেন অমিল ৷ চৰকাৰক কৰ দি বিহু পতাৰ কথা ভাবিব জানো কেতিয়াবা অসমীয়াই ! পিছে ৰাইজে নভবা কামেই এই চৰকাৰখনে কৰি আছে ৷ বিহু পতাৰ সৈতে আপুনি ভাবিব লাগিব কৰ দিয়াৰ কথা ৷ কিয়নো চৰকাৰে লৈছে এক হঠকাৰী সিদ্ধান্ত ৷ চৰকাৰৰ এই সিদ্ধান্তৰ কথা বিয়পি পৰাৰ লগে লগেই ৰাইজে বিভিন্ন ধৰণৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে ৷
ৰাজকোষ টনকিয়াল কৰিবলৈ ৰাজ্য চৰকাৰে লৈছে এক হঠকাৰী সিদ্ধান্ত ৷ ক্ষুব্ধ হৈ পৰিছে দল সংগঠনৰ লগতে সাধাৰণ ৰাইজ । বিহু পাতিবলৈ এতিয়া গৃহ বিভাগক দিব লাগিব কৰ ৷ কিন্তু আচৰিত কথা যে দুৰ্গা পূজাক লৈ তেনে কোনো ধৰণৰ কৰৰ কথা উল্লেখ নাই ৷ ধাৰত পোত যোৱা অসম চৰকাৰে কৰ সংগ্ৰহৰ কোনো পথেই এৰি দিব বিচৰা নাই । এহাতে যদি হিতাধিকাৰীক সন্তুষ্ট কৰাৰ নামত অৰুণোদয় আঁচনিৰ জৰিয়তে মাহে মাহে বেংক একাউণ্টত ধন সোমোৱাই দিছে, আনহাতে আকৌ সেই ৰাজহ ঘাটি মাৰিবলৈ বেংক পৰা হাজাৰ হাজাৰ কোটি টকা ঋণ লৈছে বিজেপি মিত্ৰজোঁট চৰকাৰে । কিন্তু এই ধাৰৰ বোজা ল’ব পৰা নাই চৰকাৰে ৷
ধাৰৰ বোজাৰ সৈতে মোকাবিলা কৰিবলৈ এইবাৰ জনসাধাৰণৰ ওপৰত ৰামটাঙোন সোধাইছে চৰকাৰে । অসমীয়াৰ জাতীয় উৎসৱ তথা অসমীয়াৰ বাপতি সাহোন বিহু পাতিবলৈ এতিয়াৰে পৰা অনুমতি লোৱাৰ নামত এক অতিৰিক্ত মাচুল অৰ্থাৎ কৰ দিব লাগিব গৃহ বিভাগক, এই লৈ ক্ষোভিত হৈ পৰিছে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ লগতে যোৰহটীয়া ৰাইজ ।