অসম

assam

By

Published : Sep 11, 2022, 3:42 PM IST

ETV Bharat / state

ঘৰৰ কাষৰে যুৱকে লুটিলে মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ 16 লাখ টকা

অনলাইনযোগে প্ৰৱঞ্চকে বিভিন্ন সময়ত বিভিন্নজনক কৌশলৰে জালত পেলাই আহিছে । এইবাৰ অনলাইন প্ৰৱঞ্চকৰ টাৰ্গেট হ’ল প্ৰাক্তন অধ্যক্ষ (Former principal targeted by online hacker) । অনলাইন প্ৰৱঞ্চকে লুট কৰিলে গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষৰ একাউন্টৰ ধন ।

online hacker arrested by titabar police
অনলাইন প্ৰৱঞ্চকৰ টাৰ্গেট প্ৰাক্তন অধ্যক্ষ

তিতাবৰ,১১ ছেপ্টেম্বৰ:অনলাইন প্ৰৱঞ্চকৰ দ্বাৰা তিতাবৰত সৰ্বস্বান্ত হ'ল গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ (Former principal targeted by online hacker) । গড়গাঁও মহাবিদ্যালয়ৰ প্ৰাক্তন অধ্যক্ষ ললিত শ্যামৰ দুটাকৈ বেংক একাউণ্টৰ পৰা হেকাৰে লুটি নিলে প্ৰায় ১৬ লাখকৈ টকা । ব্যক্তিগৰাকীৰ পঞ্জাৱ নেচনেল বেংক আৰু ভাৰতীয় ষ্টেট বেংকৰ একাউণ্টৰ পৰা অনলাইন পদ্ধতি Ecom আৰু Paytm ৰ জৰিয়তে প্ৰৱঞ্চকে হৰলুকি কৰিলে প্ৰায় ১৬ লাখকৈ টকা (Online hacker robbed about Rs 16 lakh) ।

অনলাইন প্ৰৱঞ্চকৰ টাৰ্গেট প্ৰাক্তন অধ্যক্ষ

প্ৰাক্তন অধ্যক্ষগৰাকীৰ অজানিতে ২০২১ চনৰ ছেপ্টেম্বৰ মাহৰ পৰা অনলাইন পদ্ধতিৰে ধনখিনি উলিয়াই নিয়াৰ তথ্য পোহৰলৈ আহিছে । অধ্যক্ষগৰাকীয়ে বেংকত পাচবুক আপডেট কৰিবলৈ গৈহে অৱগত হৈছিল যে ইতিমধ্যে তেওঁৰ একাউণ্টৰ ধন শেষ হৈছে । লগে লগে এই সম্পৰ্কত তেওঁ তিতাবৰ আৰক্ষী থানাত এখন এজাহাৰ দাখিল কৰে ।

তিতাবৰ আৰক্ষীয়েও অধ্যক্ষগৰাকীৰ এজাহাৰৰ ভিত্তিত আৰম্ভ কৰে তদন্ত । অৱশেষত তিতাবৰ আৰক্ষীয়ে অভিযান চলাই জালত পেলাই অধ্যক্ষগৰাকীৰ ঘৰৰ কাষৰে বাসিন্দা নৱম সৱোত্ৰিয়া নামৰ এজন যুৱকক । ইতিমধ্যে তিতাবৰ আৰক্ষীয়ে নিশাই যুৱকজনক গ্ৰেপ্তাৰ কৰিছে বুলি জানিব পৰা গৈছে (Online hacker arrested by Titabar police) । অধিক তথ্যৰ সন্ধানত আৰক্ষীয়ে যুৱকজনক জেৰা অব্যাহত ৰাখিছে ।

লগতে পঢ়ক:ভিক্টৰ দাসৰ গ্ৰেপ্তাৰ: কি কয় আইনবিদে

ABOUT THE AUTHOR

...view details