যোৰহাট, 29 নৱেম্বৰ :‘‘অ’ বোপাই তোক কোনেও বচাব নোৱাৰিলে ৷ অ’ মোৰ বোপাইটো, আজি তোৰ মৃত্যুৰ ঠাইলৈ আহিছো ৷ তই য’তে আছ’ কুশলে থাক ৷ তাৰ পৰাই আমাক চাই থাক অ’ ৷ এয়া তোৰ বুঢ়ী মাৰৰ আৰ্শীবাদ’’ ৷ এয়া অনিমেশ ভূঞাৰ মাতৃৰ দুখৰ বিননি ৷
এদিন-দুদিন কৰি ছাত্ৰ নেতা অনিমেশ ভূঞাৰ হত্যাকাণ্ডই আজি পাৰ কৰিলে সম্পূৰ্ণ এটা বছৰ (Animesh Bhuyan murder case completed a year)৷ 2021 চনৰ 29 নৱেম্বৰত এগৰাকী জ্যেষ্ঠ ব্যক্তিক সহায় কৰিবলৈ যোৱাৰ সময়ত ক’লা ল’ৰাৰ নেতৃত্বত অহা একাংশ মানৱৰূপী দানৱে বৰ্বৰভাৱে আক্ৰমণ কৰিছিল ছাত্ৰ নেতা তথা গোলাঘাট জিলাৰ ব্ৰহ্মপুত্ৰ আঞ্চলিকৰ শিক্ষা সম্পাদক অনিমেশ ভূঞাক (Animesh Bhuyan murder case) ।
একাংশ মানৱৰূপী দানৱে যোৰহাট নগৰৰ মাজমজিয়াৰ ট্ৰাক ষ্টেণ্ডত এদল লোকে ছাত্ৰ নেতা অনিমেশ ভূঞাক মৰিয়াই মৰিয়াই হত্যা কৰিছিল (Mob lynching in Jorhat) ৷ এই ঘটনাৰ 50 দিনৰ অন্তত আৰক্ষীয়ে দাখিল কৰিছিল চাৰ্জশ্বীট ৷ ছাত্ৰ নেতাগৰাকীৰ হত্যাৰ ঘটনাত জড়িত থকা প্ৰায় 15 জন লোকক গ্ৰেপ্তাৰ কৰিছিল আৰক্ষীয়ে ৷
লগতে পঢ়ক :Attack on Shradha murder accused: শ্ৰদ্ধা হত্যাৰ অভিযুক্ত আফটাবৰ আক্ৰমণকাৰীক ন্যায়িক জিম্মালৈ প্ৰেৰণ