অসম

assam

ETV Bharat / state

এবছৰে ন্যায়ৰ পৰা বঞ্চিত বৰহোলাৰ জয়ন্ত বৰাৰ পৰিয়াল - jayanta boras death

আজি বৰহোলাৰ জয়ন্তৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হ'ল ৷ ন্যায়ৰ অপেক্ষাত ক্ষণ গণিছে জয়ন্তৰ মাতৃ লীলা বৰাই ৷ 15 জুনৰ মাজনিশা সেনা-আৰক্ষীৰ অকথ্য নিৰ্যাতনৰ বলি হৈ মৃত্যুক সাৱটি লৈছিল জয়ন্তই ৷

One year has passed since Jayanta Bora's death
ৰাজহুৱা নহ'ল জয়ন্তৰ হত্যাৰ প্ৰতিবেদন

By

Published : Jun 15, 2021, 7:19 PM IST

Updated : Jun 16, 2021, 7:22 AM IST

যোৰহাট, 15 জুন : সেইদিনা নিশা 12 বাজিছিল ৷ যোৰহাট জিলাৰ তিতাবৰ অঞ্চলৰ বৰহোলাৰ বালিজান গাঁওখনৰ সকলো ফালে নিজানতাই আৱৰি ধৰিছে ৷ চৰাই চিৰিকটিবোৰো গভীৰ নিদ্ৰাত ৷ বালিজান গাঁৱৰ এখন ঘৰলৈ নামি আহিছিল কাল অমানিশা ৷ সেই ঘৰখন হৈছে লীলা বৰা নামৰ এগৰাকী বিধৱা মহিলাৰ ৷ তেওঁ স্বামীৰ নাম হেম বৰা ৷ লীলাৰ স্বামীয়ে ভাৰতীয় সেনা বাহিনীত কাম কৰিছিল যদিও তেওঁৰ মৃত্যু হৈছে ৷ স্বামী মৃত্যু পাচৰে পৰা এক মাত্ৰ পুত্ৰ জয়ন্ত বৰাক জীৱনৰ সাৰথি হিচাপে লৈ জীৱনটোক উদযাপন কৰিছিল লীলাই বৰাই ৷

লীলা বৰাই ভবা নাছিল যে 2020 চনৰ 15 জুন তাৰিখটোৱে তেওঁ জীৱনত অভিশাপ হিচাপে থিয় দিব ৷ সময়বোৰ বৰ নিষ্ঠুৰ, কেতিয়া কাৰ পক্ষত থাকে সেয়া অনুমান কৰিব পৰাটো বৰ কঠিন ৷ 15 জুনৰ সেই নিশাটোত বৰহোলাৰ বালিজান গাঁৱৰ সেই ঘৰখনত সংঘটিত হৈছিল এক অমানৱীয় ঘটনা ৷ সেই সময়ত ঘৰখনত আছিল বিধৱা মাতৃ লীলা বৰা, পুত্ৰ জয়ন্ত বৰাকে ধৰি আইতাক লেলেশ্বৰী শইকীয়া ।

ৰাজহুৱা নহ'ল জয়ন্তৰ হত্যাৰ প্ৰতিবেদন

ঘটনাৰ বিৱৰণী অনুসৰি তিতাবৰ মহকুমা আৰক্ষী বিষয়া অমৃত কুমাৰ হোজাই নেতৃত্বত অহা বৰহোলা আৰক্ষী ভাৰপ্ৰাপ্ত বিষয়া মিন্টু সন্দিকৈ আৰু চৰাইদেউস্থিত সেনা ৰেজিমেণ্টৰ এটা দলে শোৱাপাটীৰ পৰাই জয়ন্তক তুলি নিয়ে ৷ ইয়াৰ পাচতে এক আতংকই বিৰাজ কৰিছিল ঘৰখনত ৷ ইয়াৰ সমান্তৰালভাৱে অবিচাৰে জয়ন্তৰ ওপৰত চলিছিল সেনা-আৰক্ষীৰ নিৰ্যাতন ৷

অভিযোগ অনুসৰি সেই নিশাটোত বৰহোলাৰ জয়ন্তক এনেধৰণে নিৰ্যাতন চলোৱা হৈছিল যে পিছদিনা হাস্পতাললৈ নিয়া পৰতে মৃত্যু হৈছিল জয়ন্তৰ ৷ পিছে সেনা-আৰক্ষীয়ে মাজত নিশা নিৰ্যাতন চলাব পৰাকৈ জয়ন্তয়ে কি দোষ কৰিছিল সেয়া আজিও স্পষ্ট নহ'ল ৷ জয়ন্তৰ পিতৃয়েও ভাৰতীয় সেনা বাহিনীত কাম কৰিছিল ৷ যি কি নহওঁক জয়ন্তৰ মৃত্যুৱে উকা কৰি তুলিলে বালিজান গাঁৱৰ লীলা বৰাৰ ঘৰখন ৷

আজি জয়ন্ত বৰাৰ মৃত্যুৰ এবছৰ সম্পূৰ্ণ হ'ল ৷ সেয়েহে আজি পুনৰ প্ৰশ্ন উত্থাপন হৈছে যে সেনা-আৰক্ষীৰ জিম্মাত জয়ন্তক ইমান অকথ্য নিৰ্যাতন চলোৱা হৈছিল কিয় ? কিয় আজিও জয়ন্ত বৰাৰ হত্যাৰ প্ৰতিবেদন ৰাজহুৱা কৰা নহ'ল ? আৰক্ষী আৰু সেনাৰ জিম্মাত মৃত্যু হোৱা নিৰীহ যুৱক জয়ন্ত বৰাৰ পৰিয়ালে আজিও ন্যায়ৰ অপেক্ষাত ক্ষণ গণিবলগীয়া হৈছে ৷

উল্লেখ্য যে, জয়ন্ত বৰাৰ মৃত্যু সময়ত অসম চৰকাৰ মন্ত্ৰী অতুল বৰা, মন্ত্ৰী যোগেন মোহন, সাংসদ তপন কুমাৰ গগৈ, কামাখ্যা প্ৰসাদ তাছাকে ধৰি বহুকেইজন নেতাই জয়ন্ত বৰাৰ হত্যাৰ উচিত তদন্ত হব বুলি লিখিত প্ৰতিশ্ৰুতি দিছিল ৷ কোৱা হৈছিল জয়ন্ত বৰাৰ হত্যাৰ তদন্ত কৰি হত্যাকাৰীক উচিত শাস্তি দিয়া হব ৷ কিন্তু সময় বাগৰিল, নেতা সকলৰ সেই প্ৰতিশ্ৰুতিও অসাৰ হৈ পৰিল ৷

আজি জয়ন্তৰ হত্যাকাণ্ড ন্যায় দাবী সমিতি, সদৌ অসম ছাত্ৰ সন্থা, সদৌ চুতীয়া জাতি ছাত্ৰ সন্থা, জাতীয়তাবাদী যুব ছাত্ৰ পৰিষদ, ছাত্ৰ মুক্তি সংগ্ৰাম সমিতি, ঠেঙাল কছাৰী ছাত্ৰ সন্থা আদি সংগঠন সমূহৰ স্থানীয় আঞ্চলিক সমিতি সমূহ আৰু স্থানীয় ৰাইজৰ সহযোগত জয়ন্ত বৰাৰ বাসগৃহত প্ৰথম মৃত্যু বাৰ্ষিকী আৰু প্ৰতিবাদী কাৰ্যসূচী অনুষ্ঠিত কৰা হয় । উক্ত কাৰ্যসূচীতে জয়ন্ত বৰাৰ হত্যাকাণ্ডৰ আজি এবছৰ পাছতো কোনো তদন্ত নোহোৱাত ক্ষোভ প্ৰকাশ কৰে সংগঠনৰ বিষয়ববীয়া তথা স্থানীয় লোকে ৷

তদুপৰি সেনা-আৰক্ষীয়ে নিৰীহ যুৱক জয়ন্ত বৰাক উগ্ৰপন্থী সজাই পৰিকল্পিতভাৱে হত্যা হ'ল বুলি ক্ষোভ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ এনে পৰিপেক্ষিততে ন্যায়ৰ অপেক্ষাত এবছৰ পাৰ কৰা জয়ন্তৰ মাতৃ লীলা বৰাই পুত্ৰ মৃত্যুৰ তদন্ত কৰিবলৈ বৰ্তমানৰ অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাক পুনৰবাৰ অনুৰোধ জনাইছে৷

লগতে পঢ়ক: অৱশেষত জামিন লাভ দেবাংগনা কলিতাৰ

Last Updated : Jun 16, 2021, 7:22 AM IST

ABOUT THE AUTHOR

...view details