অসম

assam

ETV Bharat / state

Jorhat Chowk Bazaar fire: চ’ক বজাৰৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীক 50 হাজাৰকৈ এককালীন সাহায্য প্ৰদান

যোৰহাট চ’ক বজাৰৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীক এককালীন সাহায্য প্ৰদান মন্ত্ৰী অজন্তা নেওগৰ ৷ মুঠ 226 জন ব্যৱসায়ীক 50,000 টকাকৈ প্ৰদান কৰা হয় সাহায্য (Jorhat Chowk Bazaar fire) ৷ মুঠ 1 কোটি 13 লাখ টকাৰ সাহায্য প্ৰদান কৰে মন্ত্ৰীগৰাকীয়ে ৷

By

Published : Mar 5, 2023, 9:45 PM IST

Jorhat Chowk Bazaar fire
চ’ক বজাৰৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীক 50 হাজাৰকৈ এককালীন সাহায্য প্ৰদান

চ’ক বজাৰৰ ক্ষতিগ্ৰস্ত ব্যৱসায়ীক 50 হাজাৰকৈ এককালীন সাহায্য প্ৰদান

যোৰাহাট, 5 মাৰ্চ: বিধ্বংসী অগ্নিকাণ্ডত সম্পূৰ্ণৰূপে বিধস্ত হৈ পৰিল যোৰহাটৰ বজাৰ (Jorhat Chowk Bazaar fire) ৷ জ্বলি নিঃশেষ হ’ল শতাধিক ব্যৱসায়িক প্ৰতিষ্ঠান ৷ দেওবাৰে অগ্নিকাণ্ডৰ ফলত ক্ষতিগ্ৰস্ত ব্যৱসায়ীসকলক সাহায্য প্ৰদান কৰে মন্ত্ৰী অজন্তা নেওগে (Minister Ajanta Neog)৷

যোৰহাটৰ উপস্থিত হৈ এক অনুষ্ঠানত ক্ষতিগ্ৰস্তসকলক এককালীন সাহায্য প্ৰদান কৰে ৰাজ্যৰ বিত্তমন্ত্ৰীগৰাকীয়ে ৷ যোৰহাট আৱৰ্ত ভৱনৰ সভাগৃহত অনুষ্ঠিত অনুষ্ঠানটোত ক্ষতিগ্ৰস্তসকলক 50,000 টকাকৈ সাহায্য প্ৰদান কৰা হয় (One time relief to Chowk Bazaar fire victim) ৷

উল্লেখ্য যে, চ’ক বজাৰৰ মুঠ 241 খন দোকানৰ ব্যৱসায়ীৰ ভিতৰত দেওবাৰে 226 জনক মুঠ 1 কোটি 13 লাখ টকাৰ সাহায্য প্ৰদান কৰা হয় ৷ বাকী 15 জন ব্যৱসায়ীৰ বেংক একাউন্ট যোগাৰ হ’লে তেওঁলোকক সাহায্য খিনি দিয়া হ'ব বুলি প্ৰশাসনৰ ফালৰ পৰা জনোৱা হৈছে ৷

সাহায্য প্ৰদান কৰি যোৰহাট জিলাৰ অভিভাৱক মন্ত্ৰীগৰাকীয়ে দুখত ভাগি নপৰি পুনৰ সংস্থাপনৰ বাবে নিজকে প্ৰস্তুত কৰিবলৈ ব্যৱসায়ীসকলক আহ্বান জনা‍য় ৷ বৰ্তমান ব্যৱসায়ীসকলক অস্থায়ীভাৱে এদোখৰ ঠাইত ব্যৱসায়ৰ ব্যৱস্থা কৰি দিয়াৰ লগতে চ’ক বজাৰত অহা 1 এপ্ৰিলৰ পৰা স্থায়ী ব্যৱসায় গৃহ নিৰ্মাণৰ ব্যৱস্থা কৰা হ'ব বুলি মন্ত্ৰীগৰাকীয়ে সদৰী কৰে ৷ অহা বাজেট অধিৱেশনত চ’ক বজাৰৰ স্থায়ী গৃহ নিৰ্মাণৰ বাবে পুঁজি নিৰ্ধাৰণ কৰাৰ বিষয়েও সভাত মন্ত্ৰীগৰাকীয়ে অৱগত কৰে (Chowk Bazaar fire incident) ৷

অনুষ্ঠানত ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাচা, যোৰহাট আৰু মৰিয়নিৰ বিধায়ক ক্ৰমে হিতেন্দ্ৰ নাথ গোস্বামী আৰু ৰূপজ্যোতি কুৰ্মী, জিলা উপায়ুক্ত পুলক মহন্ত, প্ৰাক্তন বিধায়ক হেমন্ত কলিতা, জিলা পৰিষদৰ সভাপতি, পৌৰপতি, উপ পৌৰপতি, জিলা প্ৰশাসন আৰু আৰক্ষী প্ৰশাসনৰ জ্যেষ্ঠ বিষয়াসকল উপস্থিত থাকে ৷ ইয়াৰ পাচতে মন্ত্ৰীগৰাকীয়ে পৌৰসভাৰ বিষয়ববীয়াসকলৰ লগত নগৰ উন্নয়ন সন্দৰ্ভত এখন পৰ্যালোচনা সভাত মিলিত হয় ৷

লগতে পঢ়ক:Jorhat Chowk Bazaar fire : ধ্বংসস্তূপৰ মাজত যোৰহাটৰ চ’ক বজাৰ

ABOUT THE AUTHOR

...view details