টীয়ক,24 ফেব্ৰুৱাৰীঃটীয়কৰ জাঁজী নদীৰ বনাই ঘাটত সোমবাৰে নিশা উদ্ধাৰ হয় এটা 7.65 mm পিষ্টল ৷ জাঁজী নদীৰ ঘাটত অবৈধ ভাৱে গোটাই থোৱা বালিৰ দ'মত 7.65 mm এটা পিষ্টল উদ্ধাৰ হোৱা ঘটনাই সমগ্ৰ অঞ্চলত চাঞ্চল্যৰ সৃষ্টি কৰিছে। জানিব পৰা মতে,বালি খান্দি থকা অৱস্থাত সেই অঞ্চলৰে তপন শইকীয়া নামৰ যুৱকজনে পিষ্টলটো পাই তেওঁৰ ঘৰতে লুকুৱাই ৰাখে। কিন্তু নিশাই আৰক্ষীয়ে তপনৰ ঘৰৰ পৰা পিষ্টলটো উদ্ধাৰ কৰিবলৈ সক্ষম হয় আৰু ঘটনা সন্দৰ্ভত তপন শইকীয়াৰ লগতে বিশ্বজিৎ নেওগ নামৰ আন এজন যুৱকক আটক কৰিছে টীয়ক আৰক্ষীয়ে। লগতে ঘটনা সন্দৰ্ভত আৰক্ষীয়ে তদন্ত অব্যাহত ৰাখিছে ৷
টীয়কত বালিৰ দ'মৰ মাজত উদ্ধাৰ এটা 7.65 mm পিষ্টল - জাঁজী নদী
সোমবাৰে নিশা টিয়কৰ জাঁজী নদীৰ বনাই ঘাটত অবৈধ ভাৱে গোটাই থোৱা বালিৰ দ'মৰ মাজত উদ্ধাৰ এটা 7.65 mm পিষ্টল ৷ ঘটনা সন্দৰ্ভত তদন্ত অব্যাহত ৰাখিছে আৰক্ষীয়ে ৷
টীয়কৰ জাঁজীনদীৰ বনাই ঘাটত বালিৰ দ'মৰ মাজত উদ্ধাৰ এটা 7.65 mm পিষ্টল