যোৰহাট, 26 ডিচেম্বৰ : যোৰহাটত জিলাৰ তিতাবৰত আটক এটা নাৰী সৰবৰাহকাৰী ৷ শনিবাৰে যোৰহাট আৰক্ষীয়ে আটক কৰিলে নাৰী সৰবৰাহকাৰীটোক ৷ আটক কৰা নাৰী সৰবৰাহকাৰীটো মহাৰাষ্ট্ৰৰ ঔৰংগবাদ জিলাৰ চুনিল ৰামু পাতিল বুলি আৰক্ষীয়ে জানিবলৈ দিয়ে । এগৰাকী 16 বছৰীয়া কিশোৰীক বহিঃৰাজ্যলৈ প্ৰেৰণৰ সময়তেই যোৰহাট আৰক্ষীয়ে কিশোৰীগৰাকীক উদ্ধাৰ কৰাৰ লগতে নাৰী সৰবৰাহকাৰীটোক আটক কৰিবলৈ সক্ষম হয় ৷
চুনিল ৰামু পাতিল মানৱ দেহৰ অংগৰ ব্যৱসায়তো জড়িত থকাৰ সন্দেহ কৰিছে আৰক্ষীয়ে । সৰবাহকাৰীটোক আটকৰ পাছত অপহৃত কিশোৰীগৰাকীৰ অভিভাৱকৰ এজাহাৰৰ ভিত্তিত গ্ৰাপ্তাৰৰ লগতে যোৰহাট আৰক্ষীয়ে ঘটনাৰ তদন্তৰ দায়িত্ব বৰহোলা আৰক্ষীক হস্তান্তৰ কৰিছে ৷ বৰ্তমান বৰহোলা আৰক্ষীয়ে গোচৰ নম্বৰ 194/20 আৰু IPC 366A /370 ধাৰাৰ অধীনত ঘটনাৰ তদন্ত অব্যাহত ৰাখিছে ।