টীয়ক,23 এপ্ৰিলঃ টীয়কত অবৈধ চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান ৷ অভিযানত চুলাই মদৰ ব্যৱসায়ৰ লগত জড়িত লোক এজনক আটক কৰিছে আবকাৰী বিভাগে ৷
টীয়কত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান - চক্ৰ পৰিদৰ্শক
টীয়কত ৰাজহুৱা অভিযোগৰ ভিত্তিত এজন লোকক আটক কৰে আবকাৰী বিভাগে ৷ ইতিমধ্যে ধৃত লোকজনক টীয়ক চক্ৰ পৰিদৰ্শকক চমজাই দিছে আবকাৰী বিভাগে ৷
![টীয়কত চুলাই মদৰ বিৰুদ্ধে আবকাৰী বিভাগৰ অভিযান ETV BHARAT](https://etvbharatimages.akamaized.net/etvbharat/prod-images/768-512-6905036-thumbnail-3x2-t.jpg)
যোৰহাট জিলাৰ বলমা চাহ বাগিছা,টীয়ক,পীড়াকটাত আবকাৰী অধীক্ষক বনানী হোজাইৰ নেতৃত্বত বুধবাৰে মৰিয়নি আৰু টীয়ক আবকাৰী দলৰ সহযোগত টীয়ক আবকাৰী বিভাগে চুলাই মদৰ বিৰুদ্ধে অভিযান চলায় ৷ উল্লেখ্য যে,ইতিমধ্যে চুলাই মদৰ লগত জড়িত উক্ত অঞ্চলৰ পাঁচজন লোকৰ বিৰুদ্ধে আছিল এক ৰাজহুৱা অভিযোগ ৷ ৰাজহুৱা অভিযোগৰ ভিত্তিত উক্ত লোককেইজনৰ ঘৰত অভিযান চলাই চুলাই ভাটি,চুলাই মদ তৈয়াৰ কৰা ঘৰৰ লগতে বিভিন্ন চুলাই তৈয়াৰ কৰা বাচন নষ্ট কৰে ৷ তাৰোপৰি প্ৰায় ৩৫ লিটাৰ চুলাই মদ জব্দ কৰি নষ্ট কৰি পেলায়। আনহাতে,অভিযুক্ত এজন লোকক অসম আবকাৰী আইনৰ অধীনত আটক কৰি টীয়ক চক্ৰ পৰিদৰ্শকক চমজাই দিয়ে। এই অভিযানত আবকাৰী উপ অধীক্ষক যুগল দত্ত যোৰহাট সদৰৰ আবকাৰী পৰিদৰ্শক নবাব ইমতিয়াজ আলি আৰু তহলদাৰী দলেও সহযোগিতা আগবঢ়ায় ।
লগতে পঢ়ক- ১৪ খন জিলাত ২৮ খন ফাষ্ট ট্ৰেক আদালত স্থাপনৰ সিদ্ধান্ত