অসম

assam

ETV Bharat / state

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু এজনৰ

কিছু দিন পূৰ্বে যোৰহাট জিলাৰ টীয়কত বিদ্যুৎৰ তাঁৰত লাগি এজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু দেওবাৰে পুনৰ একেই ঘটনা সংঘতিত হ'ল টীয়কত ৷ বিদ্যুৎ বিভাগৰ এই গাফিলতিৰ বাবেই পুনৰ প্ৰাণ গ'ল এজন লোকৰ ।

death
death

By

Published : Aug 24, 2020, 6:22 AM IST

টীয়ক, 24 আগষ্ট : টীয়কত পুনৰ বিদ্যুৎ পৰিবাহী তাঁৰত লাগি প্ৰাণ হেৰুৱালে এজন লোকে ৷ টীয়কৰ লাহিং চাহ বাগিচাৰ ভদ্ৰেশ্বৰ মাহালি নামৰ ব্যক্তিজনৰ নিজ ঘৰৰ চোতালতে ছিগি পৰি থকা বৈদ্যুতিক তাঁৰত লাগি মৃত্যু হয় ৷

আজিৰ পৰা কিছু দিন পূৰ্বে যোৰহাট জিলাৰ টীয়কত বিদ্যুৎৰ তাঁৰত লাগি এজন ব্যক্তিৰ মৃত্যু হৈছিল আৰু দেওবাৰে পুনৰ একেই ঘটনা সংঘতিত হ'ল টীয়কত ৷ বিদ্যুৎ বিভাগৰ এই গাফিলতিৰ বাবেই পুনৰ প্ৰাণ গ'ল এজন লোকৰ । ঘটনাটো সংঘটিত হোৱাৰ খবৰ পাই টীয়ক আৰক্ষী ততাতৈয়াকৈ উক্ত স্থানত উপস্থিত হয় যদিও স্থানীয় ৰাইজে বিদ্যুৎ বিভাগৰ বিষয়া কৰ্মচাৰী নহা পৰ্যন্ত মৃতদেহটো মৰণোত্তৰৰ বাবে নিবলৈ নিদিয়ে বুলি আৰক্ষী সৈতে তৰ্ক বিতৰ্কত লিপ্ত হয় ৷

বিদ্যুৎ পৰিবাহী তাঁৰত লাগি মৃত্যু এজনৰ

অৱশ্যে পৰৱৰ্ত্তী সময়ত আৰক্ষীয়ে মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰে । বিদ্যুৎ বিভাগলৈ গাঁওবাসীৰ এটাই আহ্বান এনে ঘটনাৰ যাতে পুনৰাবৃত্তি নহয় । এতিয়া প্ৰশ্ন হয় কেতিয়া গা লৰিব এই বিদ্যুৎ বিভাগৰ , কুম্ভকৰ্ণৰ নিদ্ৰাৰ পৰা সাৰ পাবনে উচ্চ পদস্থ বিষয়া সকলে ৷

লগতে পঢ়ক :উইকেণ্ড লকডাউন উলংঘা কৰি নগাঁৱত চৰকাৰী আঁচনিৰ হিতাধিকাৰী বাছনি সভা

ABOUT THE AUTHOR

...view details