টীয়ক, 4 মে' :যোৰহাট জিলাৰ টীয়কত সংঘটিত শোকাৱহ ঘটনা ৷ পুৱা পথাৰলৈ হাল বাবলৈ যাওঁতে বিদ্যুৎস্পৃষ্ট হৈ কৰুণ মৃত্যুক সাৱটি ল'লে এজন যুৱকে ৷ টীয়কৰ চিৰাম মিচিং গাঁৱত সংঘটিত হয় এই ঘটনা ৷ মৃত যুৱকজনৰ নাম দাদুল মৰাং আৰু তেওঁৰ বয়স প্ৰায় ৪০ বছৰ বুলি জানিব পৰা গৈছে ৷ এই ঘটনাৰ পিছতে মৃত যুৱকজনক স্থানীয় ৰাইজে চিকিৎসালয়লৈ প্ৰেৰণ কৰে যদিও অৱশেষত চিকিৎসকে মৃত বুলি ঘোষণা কৰে ।
উল্লেখ্য যে, লাইটৰ খুটাৰ পৰা বিদ্যুৎ পৰিবাহী তাঁৰ চিঙি পৰি থকা অৱস্থাত তাঁৰডাল আঁতৰাবলৈ চেষ্টা কৰিছিল যুৱকজনে ৷ যাৰ ফলত এই দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি জানিবলৈ দিয়ে অঞ্চলটোৰ স্থানীয় ৰাইজে (One person dies after touching electric wire) ৷ লগতে বিদ্যুৎ বিভাগৰ চৰম গাফিলতিৰ বাবে এনে দুৰ্ভাগ্যজনক ঘটনা সংঘটিত হোৱা বুলি ৰাইজে অভিযোগ উত্থাপন কৰে ৷