যোৰহাট, 21 মে': ৰাষ্ট্ৰ সংঘই 21 মে'ৰ দিনটো আন্তৰ্জাতিক চাহ দিৱস হিচাপে ঘোষণা কৰাৰ পাছত বৃহস্পতিবাৰে প্ৰথম বাৰৰ বাবে অসমৰ চাহ বাগিচা সমুহত অনুষ্টুপীয়াকৈ উদযাপন কৰা হৈছে আন্তৰ্জাতিক চাহ দিৱস ৷ দেশত চলি থকা লক ডাউনৰ ফলত বৃহৎ লোকচানৰ সন্মুখীন হৈছে অসমৰ চাহ উদ্যোগটো ৷ তথাপিও আন্তজাতিক চাহ দিৱস হিচাপে ঘোষণা কৰাৰ পাছত প্ৰথম বাৰৰ বাবে উদযাপন হোৱা এই দিৱসটো যোৰহাট জিলা উপায়ুক্তৰ কাৰ্যালয়ৰ সন্মুখত অনুষ্টুপীয়াকৈ উযাপন কৰে উত্তৰ পূৱ চাহ সংস্থা চমুকৈ NETA ই ৷ ইয়াৰ লগত সংগতি ৰাখি যোৰহাটৰ জিলাৰ চেনিজানস্থিত অন্যতম অগ্ৰণী চাহ উদ্যোগ শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালানে সকলোকে জনাইছে আন্ত:ৰাষ্ট্ৰীয় চাহ দিৱসৰ শুভেচ্ছা ৷ লগতে কোনো কাৰণতে ক্ষুদ্ৰ চাহ খেতিয়কসকলক শংকিত তথা হতাশ নহবলৈ আহ্বান জনাইছে কমল জালানে ৷
আন্তৰ্জাতিক চাহ দিৱসত খেতিয়কলৈ বিশেষ আহ্বান - 2019 বৰ্ষৰ 21 ডিচেম্বৰত 21 মে' দিনটোক আন্তজাতিক চাহ দিৱস হিচাপে ঘোষণা কৰিছিল ইউনাইটেড নেশ্বনে
অনাগত দিনত অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি নিজৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিলৈ উন্নয়ন অৰিহণা যোগাবলৈ চাহ খেতিয়কসকলক আহ্বান জনাইছে শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালানে ৷

আন্তজাতিক চাহ দিৱসত ক্ষুদ্ৰ চাহ খেতিয়কলৈ উদ্যোগপতি কমল জালানৰ বিশেষ আহ্বান
আন্তজাতিক চাহ দিৱসত ক্ষুদ্ৰ চাহ খেতিয়কলৈ উদ্যোগপতি কমল জালানৰ বিশেষ আহ্বান
উল্লেখ্য যে 2019 বৰ্ষৰ 21 ডিচেম্বৰত 21 মে' দিনটোক আন্তজাতিক চাহ দিৱস হিচাপে ঘোষণা কৰিছিল ইউনাইটেড নেশ্বনে ৷ অনাগত দিনত অসমৰ চাহক বিশ্ব দৰবাৰত প্ৰতিষ্ঠা কৰি নিজৰ লগতে ৰাজ্যখনৰ অৰ্থনীতিলৈ উন্নয়ন অৰিহণা যোগাবলৈ চাহ খেতিয়ক সকলক আহ্বান জনাইছে শ্যাম টিৰ স্বত্বাধিকাৰী কমল জালানে ৷ লগতে ডাউনৰ ফলত হোৱা লোকচানৰ প্ৰতি মন নিদি অধিক উদ্যমেৰে নিজৰ কৰ্মত ব্ৰতী হ'বলৈ চাহ খেতিয়ক সকলক আহ্বান জনাইছে কমল জালানে ৷