অসম

assam

ETV Bharat / state

Helpless old woman: চৰকাৰী আঁচনিৰ পৰা বঞ্চিত এগৰাকী অসহায় বৃদ্ধা - Helpless old woman in Jorhat

এগৰাকী বৃদ্ধ মহিলাৰ কৰুণ গাথাই চকু সেমেকাই তুলিছে সকলোৰে । ভঙা জুপুৰীত বাস কৰা বৃদ্ধাগৰাকীয়ে আজিলৈকে চৰকাৰী চাউলকেইটাৰ বাদে লাভ কৰা নাই কোনো আচনি । এদাল লাখুটিকে ভৰসা কৰি বাহিৰ-ভিতৰ কৰা দৃষ্টিহীন মহিলাগৰাকীৰ এখন হাত, এখন ভৰিও ভগা(Old woman deprived from government schemes) ।

Old woman deprived from government schemes
যোৰহাট জিলাৰ এগৰাকী বৃদ্ধাৰ কৰুণ গাঁঠা

By

Published : Jan 1, 2023, 7:00 PM IST

যোৰহাট জিলাৰ এগৰাকী বৃদ্ধাৰ কৰুণ গাঁঠা

যোৰহাট,১ জানুৱাৰী:ৰাজ্য চৰকাৰে প্ৰতিটো ক্ষেত্ৰতে উন্নয়নৰ কথা কৈ আহিছে । উন্নয়নৰ শ্ল'গানেৰে ইতিমধ্যে বিভিন্ন আঁচনিও ৰূপায়ণ কৰিছে চৰকাৰে । ইফালে লাখ লাখ হিতাধিকাৰী সৃষ্টি কৰিছে চৰকাৰে । কিন্তু সেই আঁচনিবোৰে আজিও বহু লোকক ঢুকি পোৱা নাই । যোৰহাট জিলাতো তেনে বহু দৰিদ্ৰ পৰিয়াল আছে যিয়ে চৰকাৰী সা-সুবিধাৰ পৰা সম্পূৰ্ণৰূপে বঞ্চিত হৈছে (Deprived of government schemes)।

যোৰহাট জিলাৰ এগৰাকী বৃদ্ধাৰ কৰুণ গাথা(Helpless old woman in Jorhat) । ৬০ বছৰ গৰকা বৃদ্ধাগৰাকীৰ অন্ধ । এডাল লাখুটিকে ভাৰসা কৰি বাহিৰ-ভিতৰ কৰা দৃষ্টিহীন মহিলাগৰাকীৰ এখন হাত, এখন ভৰিও ভগা । সেয়ে ভালকৈ খোজেই কাঢ়িব নোৱাৰে । প্ৰয়াত তৰুণ গগৈৰ গৃহ সমষ্টিৰ এইগৰাকী মহিলাই জীৱন নিৰ্বাহ কৰিছে খুব কষ্টৰ মাজৰে । বৃদ্ধাগৰাকীৰ কৰুণ কাহিনী শুনিলে প্ৰতিগৰাকী সচেতন ব্যক্তিৰ চকুলো নিগৰিব ।

এই গৰাকী বৃদ্ধাৰ নাম তিলমাই হাজৰিকা । বৰষুণ দিলেই পানীৰে উপচি পৰা এটা জুপুৰীসদৃশ ঘৰত বাস কৰা বৃদ্ধাগৰাকী তিতাবৰ বিধানসভা সমষ্টিৰ অন্তৰ্গত বাঘচোং উন্নয়ন খণ্ডৰ ৬৫ নং মধ্য ঠেঙাল গাঁও পঞ্চায়তৰ ধলাজান চৈকটা মাজগাঁও নিবাসী । উল্লেখ্য যে অবিবাহিত তথা কেউ-কিছু নোহোৱা দৃষ্টিহীন বৃদ্ধাগৰাকীয়ে প্ৰতিটো পল ভোকে-পিয়াহে অতিবাহিত কৰিবলগীয়া হৈছে ।

ওচৰ- চুবুৰীয়াই সহানুভূতিৰে কেতিয়াবা খোৱাবস্তুৰ যোগান ধৰে যদিও প্রায়ে লঘোনীয়া দেহাৰেই নিশা পাৰ কৰে । এইপর্যন্ত স্থানীয় বিধায়ক ভাস্কৰ বৰুৱা তথা পঞ্চায়ত প্ৰতিনিধিসকলৰ সু-দৃষ্টি নপৰা বৃদ্ধাগৰাকীয়ে কেৱল ৰেচনৰ চাউল পাঁচ কেজিৰ বাদে এতিয়ালৈকে ৰাজ্য চৰকাৰৰ কোনো আঁচনিৰ সুবিধা লাভ কৰা নাই । অসমৰ কোনো দিব্যাংগ অথবা বর্ষীয়ান লোকেই এই চৰকাৰৰ দিনত দুখৰ দিন অতিবাহিত কৰিব নালাগিব বুলি মিত্রজোঁট চৰকাৰৰ মুখ্যমন্ত্ৰীগৰাকীয়ে প্ৰায়ে ঘোষণা কৰি আহিছে যদিও কার্যতঃ মুখ্যমন্ত্ৰীৰ এই ঘোষণা ফুটুকাৰ ফেনত পৰিণত হৈছে ।

কাৰণ এই দিব্যাংগ মহিলাগৰাকীয়ে প্রধানমন্ত্রী আৱাস যোজনা, অৰুণোদয়, বিধবা বা বিকলাংগ পেন্সন একোৱেই লাভ কৰা নাই । বৃদ্ধাগৰাকীয়ে কয় যে চৰকাৰী সুবিধা পাবৰ বাবে বহুবাৰ আবেদন-নিবেদন কৰিছে যদিও এতিয়ালৈকে একো সুবিধা পোৱা নাই । পঞ্চায়তে দিম বুলি আশ্বাস দিয়ে যদিও চাউলকেইটাৰ বাদে একো দিয়া নাই ।

লক্ষণীয়ভাৱে চৰকাৰৰ ইমান আঁচনি থকাৰ পাছতো কিয় এই বৃদ্ধাগৰাকীয়ে লাভ কৰা নাই আঁচনিৰ সুবিধা (Old woman deprived from government schemes)। চৰকাৰী আৱাস এটাও লাভ কৰা নাই তেওঁ । চৰকাৰী গৃহৰ বাবে বৃদ্ধাগৰাকীয়ে পঞ্চায়তত খবৰ ল'লেও বিভিন্ন ধৰণৰ অজুহাত দিয়ে পঞ্চায়তৰ কৰ্মচাৰীসকলে (Panchat member deprived old woman in Jorhat)। সেয়ে দুৰ্ভগীয়া বৃদ্ধাগৰাকী তথা ওচৰ-চুবুৰীয়া ৰাইজে অসমৰ মুখ্যমন্ত্ৰীৰ লগতে চৰকাৰক কিছু সহায়ৰ বাবে অনুৰোধ জনাইছে । ৰাজ্যত আৰু বহু দৰিদ্ৰ পৰিয়াল আছে যিসকলে আজিলৈ চৰকাৰী আঁচনিৰ সা-সুবিধা লাভ কৰা নাই । কিন্তু চৰকাৰে এই পৰিয়ালবোৰৰ বাবে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব সেয়া সময়তহে লক্ষণীয় হ'ব ।

লগতে পঢ়ক:New year Celebration: পুৱাৰ পৰাই ত্ৰিশূলধাৰী মন্দিৰত ভক্তৰ ভিৰ

ABOUT THE AUTHOR

...view details