মৰিয়নি,১৯ আগষ্ট : প্ৰতিবাদত উত্তাল মৰিয়নিৰ চেলেংহাটৰ ৬ নং তৈলক্ষেত্ৰ (Protest at Mariani oilfield)। কৰ্মচাৰীসকলে প্ৰাপ্য বেতন আদায়ৰ দাবীত অ'ইলমেস্ক এনাৰ্জী নামৰ তৈল কোম্পানীটোৰ বিৰুদ্ধে শুকুৰবাৰে পুৱা উত্তাল প্ৰতিবাদ স্যাবাস্ত কৰে । উল্লেখ্য যে মৰিয়নি সমষ্টিৰ আমগুৰি তৈলক্ষেত্ৰৰ অন্তৰ্গত চেলেংহাটৰ ৪ খন তৈলক্ষেত্ৰত মুম্বাইৰ অ'ইলমেস্ক এনাৰ্জী নামৰ প্ৰতিষ্ঠানটোৱে তৈলক্ষেত্ৰত নিয়োজিত থলুৱা কৰ্মচাৰীসকলক প্ৰাপ্য আদায়ৰ ক্ষেত্ৰত চূড়ান্ত প্ৰৱঞ্চনা কৰাৰ অভিযোগ উঠিছে (Oilfield employee protest at Mariani)।
জানিব পৰা মতে চেলেঙৰ ৬ নং তৈলক্ষেত্ৰত নিয়োজিত কৰ্মচাৰীসকলক সময় মতে বেতন আদায় দিয়াৰ ক্ষেত্ৰত বৈষম্য কৰি আহিছে কোম্পানীটোৱে । ইফালে তৈলক্ষেত্ৰৰ কৰ্মচাৰীসকলৰ বেতনৰ পে শ্লিপত প্ৰতিজন কৰ্মচাৰীৰ বিপৰীতে বেতেনৰ নিৰিখ ২৮,৯৫৭ টকাকৈ উল্লেখ আছে । কিন্তু অ'ইলমেস্কে কৰ্মচাৰীসকলক মাহে বেতনৰ নামত ১৫ হেজাৰ টকাহে প্ৰদান কৰি আহিছে ।
মৰিয়নিত কৰ্মচাৰীৰ প্ৰতিবাদত উত্তাল চেলেংহাটৰ ৬ নং তৈলক্ষেত্ৰ কৰ্মচাৰীসকলৰ বেতনৰ এটা অংশ অ'ইলমেস্কৰ একাংশ বিষয়া কৰ্মচাৰীয়ে মিলি আত্মসাৎ কৰি অহাৰ অভিযোগ উত্থাপন হৈছে । ইফালে কৰ্মচাৰীসকলক অ'ইলমেস্কে নিযুক্তি পত্ৰ প্ৰদান নকৰাত কৰ্মচাৰীসকলে পাবলগীয়া অনান্য সা-সুবিধাৰ পৰাও বঞ্চিত হ'ব লগা হৈছে ।
মনকৰিবলগীয়া যে তৈলক্ষেত্ৰত নিয়োজিত ৰাজ্যৰ বাহিৰৰ কৰ্মচাৰীসকলক প্ৰাপ্য নিৰিখমতেই বেতন আদায় দিয়াৰ বিপৰীতে স্থানীয় কৰ্মচাৰীসকলক তৈল প্ৰতিষ্ঠানটোৱে এনে বঞ্চনা কৰি অহাৰ অভিযোগ উঠিছে । ইফালে তৈল কোম্পানীৰ বঞ্চনাৰ বিৰুদ্ধে শুকুৰবাৰে স্থানীয় কৰ্মচাৰীসকলে কৰ্মবিৰতি পালন কৰাৰ সমান্তৰালভাৱে তৈলক্ষেত্ৰৰ মূল গেটৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে । ইফালে এই প্ৰতিবাদ তীব্ৰতৰ হোৱাত প্ৰতিবাদকাৰীসকলক নিয়ন্ত্ৰণৰ বাবে সেই স্থানত আৰক্ষী মোতায়েন কৰিব লগীয়া হয় ।
লগতে পঢ়ক :দুৰ্বল আন্তঃগাঁথনিৰ বাবেই চৰকাৰী বিদ্যালয়ৰ প্ৰতি অনীহা ছাত্ৰ-ছাত্ৰীৰ: ছাত্ৰ সন্থা