অসম

assam

By

Published : Jun 24, 2023, 2:10 PM IST

ETV Bharat / state

Oil tanker falls : তিতাবৰত হাতে হাতে বাল্টি লৈ তেল নিবলৈ ওলাই আহিল ৰাইজ

তিতাবৰৰ ৰাজপথত বাগৰিল তেল ভৰ্তি টেংকাৰ । টেংকাৰখনৰ পৰা নিগৰি অহা কেৰাচিন তেল নিবলৈ ৰাইজে হাতে হাতে গেলান, বাল্টি লৈ ভিৰ কৰা পৰিলক্ষিত কৰে । প্ৰত্যেক মুহূৰ্ততে বিপদৰ আশংকা থকা স্বত্ত্বেও একাংশই মৰণক শৰণ দি নিয়ে কেৰাচিন তেল ৷

Oil tanker falls on road in Jorhat
ৰাজপথৰ পৰা বাগৰিল তেল ভৰ্তি টেংকাৰ

ৰাজপথৰ পৰা বাগৰিল তেল ভৰ্তি টেংকাৰ

যোৰহাট, 24 জুন : তিতাবৰৰ ৰাজপথৰ পৰা বাগৰিল তেল ভৰ্তি টেংকাৰ । নিয়ন্ত্ৰণ হেৰুৱায় ৰাজপথৰ পৰা বাগৰি পৰিল কেৰাচিন ভৰ্তি তেলৰ টেংকাৰখন ৷ ডিমাপুৰৰ পৰা নাগালেণ্ড মুককচাং অভিমুখে দুৰ্ঘটনাগ্ৰস্ত তেল ভৰ্তি টেংকাৰখন গৈ আছিল বুলি জানিবলৈ পৰা গৈছে । কিন্তু লক্ষ্যস্থান নৌপাঁওতেই তিতাবৰৰ কাছজানত নিয়ন্ত্ৰণ হেৰুৱাই বাগৰি পৰিল NL-01-G-6790 নম্বৰৰ কেৰাচিন ভৰ্তি তেল টেংকাৰখন । দুৰ্ঘটনাটো সংঘটিত হোৱাৰ ফলত কোনো লোক হতাহতি হোৱা নাই বুলি জানিবলৈ পৰা গৈছে ।

কেৰাচিন ভৰ্তি তেল টেংকাৰখন বাগৰি পৰা বুলি খবৰ লাভ কৰাৰ পিচতে ঘটনাস্থলীত উপস্থিত হয় অগ্নি নিৰ্বাপক বাহিনীৰ লগতে আৰক্ষী প্ৰশাসন ৷ আনফালে, কেৰাচিন ভৰ্তি তেল টেংকাৰ বাগৰি পৰাৰ খবৰ লাভ কৰাৰ পিচতে টেংকাৰখনৰ পৰা নিগৰি অহা কেৰাচিন তেল নিবলৈ ৰাইজে হাতে হাতে গেলান, বাল্টি লৈ ভিৰ কৰা পৰিলক্ষিত হৈছে ঘটনাস্থলীত । প্ৰত্যেক মুহূৰ্ততে বিপদৰ আশংকা থকা স্বত্ত্বেও একাংশই মৰণক শৰণ দি কেৰাচিন তেল নিবলৈ ভীৰ কৰা পৰিলক্ষিত হৈছে ৷ আনকি প্ৰশাসনে বাধা দিয়াৰ পিছতো কোনো গুৰুত্ব প্ৰদান নকৰাৰ অভিযোগ উত্থাপন হৈছে এইসকল লোকৰ বিৰুদ্ধে ৷

তাৎপৰ্যপূৰ্ণ বিষয় যে, ব্যস্ত পথটোৰ ক্ষেত্ৰত সংশ্লিষ্ট বিভাগে গা এৰা মনোভাৱ পোষণ কৰাৰ বাবেই স্থানডোখৰত দুৰ্ঘটনাৰ ঘটনা বৃদ্ধি পোৱা বুলি কয় স্থানীয় ৰাইজে । কাৰণ পথ সুৰক্ষাৰ বাবে থাকিবলগীয়া সুৰক্ষা সম্বন্ধীয় কোনো ফলকৰ ব্যৱস্থা নাই পথটোত ৷

আনহাতে প্ৰত্যেক মূহুৰ্ততে কেৰাচিন তেল ভৰ্ত্তি টেংকাৰখন খাৱৈৰ পৰা উদ্ধাৰ কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে প্ৰশাসনে ৷ অগ্নি নিৰ্বাপক বাহিনী, প্ৰশাসনৰ লোকৰ লগতে উক্ত স্থানত অধিক কঠোৰ নীতি নিয়মৰ মাজেৰে গাড়ীসমুহ চলাচল কৰিবৰ বাবে নিৰ্দেশ প্ৰদান কৰিছে ৷

লগতে পঢ়ক :Mustard seeds farmers in trouble : মুখ্যমন্ত্ৰীৰ বিজ্ঞাপনে বিপাঙত পেলাইছে খেতিয়কক, ঘোষণা কাৰ্যকৰী কৰাৰ আহ্বান খেতিয়কৰ

ABOUT THE AUTHOR

...view details