যোৰহাট,১৭ আগষ্ট:অসম অন্যতম ভুমিপুত্ৰ জনগোষ্ঠী হ'ল চুতীয়া জনগোষ্ঠী আৰু চুতীয়া জাতি উন্নয়ন আৰু ক্ৰমবিকাশৰ বাবে কাম কৰি অহা এটা অৰাজনৈতিক সংগঠন হল সদৌ চুতীয়া জাতি সন্মিলন । সেই সংগঠনটো কেন্দ্ৰীয় সমিতিৰ নতুন সমিতিখন বৃহস্পতিবাৰে যোৰহাট জিলাৰ তিতাবৰ মহকুমাত গঠন কৰা হয় ।
সেই উদ্দেশ্যে আগত ৰাখি অনুষ্ঠিত কৰা হয় সদৌ চুতীয়া জাতি সন্মিলন অসমৰ নৱ-নিৰ্বাচিত কেন্দ্ৰীয় সমিতিৰ বিষয়ববীয়াৰ শপত গ্ৰহণ অনুষ্ঠান । বিস্তৃত কাৰ্যসূচীৰে অনুষ্ঠিত কৰা হয় এই বিশেষ অনুষ্ঠানটি । সদৌ চুতীয়া জাতি সন্মিলন অসমৰ নৱ-নিৰ্বাচিত সভাপতি বিবুল হাজৰিকাৰ নেতৃত্বত ২১ জনীয়া কেন্দ্ৰীয় মূল সমিতিখনৰ লগতে মহিলা সমিতিখনেও চুতীয়া জাতিটোৰ উন্নয়ণৰ হকে নিষ্ঠা আৰু সততাৰে কাম কৰাৰ সকল্প লৈ শপত গ্ৰহণ কৰে ।
দিনযোৰা কাৰ্যসূচীৰে অনুষ্ঠিত শপত গ্ৰহণ কাৰ্যসূচীত ৰাজ্যৰ ২৭ খন জিলাৰ জিলা সমিতি আৰু তিনিশতাধিক আঞ্চলিক সমিতিৰ বিষয়ববীয়া উপস্থিত থাকে আৰু কেন্দ্ৰীয় সমিতি দায়িত্ব প্ৰাপ্ত বিষয়ববীয়া সকলক সম্বৰ্ধনা জনায় । তিতাবৰৰ চাম্বা অতিথিশালাত অনুষ্ঠিত অনুষ্ঠানটোত পুৱা পতাকা উত্তোলন, শ্বহীদ তৰ্পন কাৰ্যসূচীও অনুষ্ঠিত কৰা হয় ।