যোৰহাট, 11 জুন:যোৰহাটৰ ৰাজপথত জিলা NSUIৰ অভিনৱ প্ৰতিবাদ ৷ মহামাৰীৰ সংহাৰৰ সময়তে অত্যাৱশ্যকীয় সামগ্ৰীৰ মূল্যবৃদ্ধিয়ে জুৰুলা কৰিছে সৰ্বসাধাৰণ ৰাইজক ৷ ভাল দিনৰ শ্ল'গান দিয়া কেন্দ্ৰীয় তথা ৰাজ্য চৰকাৰে মূল্যবৃদ্ধি ৰোধত ব্যৰ্থ হোৱাত যোৰহাট জিলা NSUIয়ে শুকুৰবাৰে চহৰখনৰ তেল ডিপোৰ কাষত ক্ৰিকেট খেলি চেঞ্চুৰী কোবাই প্ৰতিবাদ সাব্যস্ত কৰে ৷
সংগঠনটোৰ দাবী কৰে যে, বিজেপি নেতৃত্বাধীন কেন্দ্ৰীয় চৰকাৰৰ নেতৃত্বত যি হাৰত পেট্ৰ'ল-ডিজেলকে ধৰি অত্যাৱশ্যকীয় সামগ্ৰীৰ দাম বাঢ়িছে, এতিয়া ভাল দিনৰ সপোনটো বাদেই সাধাৰণ জনতাই নাখাই মৰিব লাগিব ৷