অসম

assam

ETV Bharat / state

EV charging station in Jorhat: উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বাহন চাৰ্জিং ষ্টেচন মুকলি - Electronic Vehicle

যোৰহাটত মুকলি হ’ল উত্তৰ-পূবৰ প্ৰথমটো ইলেক্ট্ৰনিক বাহন চাৰ্জিং ষ্টেচন (First public EV charging station inaugurated) ৷ শেহতীয়াকৈ দেশৰ লগতে অসমতো উপলব্ধ হোৱা ইলেক্ট্ৰনিক বাহনৰ বাবে প্ৰয়োজনীয় ইন্ধনৰ প্ৰতি লক্ষ্য ৰাখি মুকলি কৰা হৈছে ষ্টেচনটো ৷

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বাহন চাৰ্জিং ষ্টেচন মুকলি
উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বাহন চাৰ্জিং ষ্টেচন মুকলি

By

Published : Jan 4, 2022, 6:03 PM IST

Updated : Jan 4, 2022, 7:39 PM IST

যোৰহাট, 4 জানুৱাৰী:খাৰুৱা তেলৰ পৰিমাণ ক্ৰমান্বয়ে হ্ৰাস আৰু বদ্ধিত পৰিৱেশ প্ৰদূষণৰ বাবে ভৱিষ্যতৰ দিনত প্ৰেট্ৰ’লজাত বাহন চলাচলৰ ক্ষেত্ৰত চৰকাৰে বিবেচনা কৰাৰ সম্ভাৱনা প্ৰকট হোৱাৰ সয়তে একাধিক বাহন নিৰ্মাতা কোম্পানীয়ে ইলেকট্ৰিনিক বাহন বজাৰত মুকলি কৰি দিছে । ইতিমধ্যেই দুচকীয়া, চাৰি চকীয়া ইলেক্ট্ৰনিক বাহনৰ প্ৰচলন আৰম্ভ হৈছে ৷ ফলত প্ৰয়োজনীয়তা আহি পৰিছে এই ইলেক্ট্ৰনিক বাহনসমূহৰ বাবে চাৰ্জিং ষ্টেচন (First public EV charging station inaugurated)ৰ ।

উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰথমটো বাহন চাৰ্জিং ষ্টেচন মুকলি

ঘৰতে চাৰ্জিং দিয়াৰ ওপৰিও বাহিৰতো চাৰ্জ দিবলগীয়া হয় বাহনসমূহ । এনে পৰিপ্ৰেক্ষিতত অন্য বাহনৰ দৰেই তেলৰ ডিপুৰ সমান্তৰালকৈ ইলেক্ট্ৰনিক বাহন চাৰ্জিং ষ্টেচনৰ প্ৰয়োজনীয়তাৰ প্ৰতি লক্ষ্য ৰাখি মঙলবাৰে যোৰহাটতত মুকলি কৰা হ’ল উত্তৰ পূৰ্বাঞ্চলৰ প্ৰথমটো ইলেকট্ৰিক বাহন চাৰ্জিং ষ্টেচনৰ(North East's first public EV charging station inaugurated) । যোৰহাটৰ জিৰণি হোটেলৰ স্বত্বাধীকাৰী ৰাজেন দত্তই সুদূৰ হাইদ্ৰৰাবাদৰ জুলী পইন্টৰ ফ্ৰেনচাইজি লৈ মুকলি কৰে ইলেকট্ৰনিক বাহন চাৰ্জিং ষ্টেচনটো ।

এবাৰ সম্পূৰ্ণ চাৰ্জ দিলে বাহনৰ কোম্পানী আৰু মডেল অনুসৰি এই পৰ্যন্ত উপলব্ধ একোখন ইলেকট্ৰিক বাহনে গড়ে ৩০০ কিল’মিটাৰ দূৰত্ব অতিক্ৰম কৰিব পাৰে ৷ যাৰ বাৰে প্ৰয়োজন প্ৰায় ৪৫ মিনিট সময়ৰ লগতে ব্যয় হয় মাত্ৰ ৬০০ পৰা ১০০০ টকা । ইয়াৰ বিপৰীতে একোখন প্ৰেট্ৰ’ল অথবা ডিজেল চালিত বাহনেৰে যাত্ৰা কৰিলে এই দূৰত্ব অতিক্ৰম কৰিবলৈ প্ৰায় ৪ হাজাৰ পৰা ৫ হাজাৰ টকা ব্যয় কৰিবলগীয়ে হয় ৷

যোৰহাটৰ জিৰণি হোটেলৰ চৌহদত অনুষ্ঠিত হোৱা চাৰ্জিং ষ্টেচন মুকলি অনুষ্ঠানত অসম চৰকাৰৰ পৰিবহণ বিভাগৰ মুখ্য বাণিজ্য প্ৰবন্ধক মুৰুলি বৰা, জুলী পইন্টৰ স্বত্বাধিকাৰী ৰাজেশ কাংকানি আৰু অসম ঔদ্যোগিক আন্তঃগাঠনি উন্নয়ন নিগমৰ অধ্যক্ষ শান্তনু পূজাৰীৰ লগতে যোৰহাটৰ বহু গণ্য মাণ্য ব্যক্তি উপস্থিত থাকে ।

লগতে পঢ়ক:জখলাবন্ধা গ্ৰাম‍্য চিকিৎসালয়লৈ এম্বুলেঞ্চ প্ৰদান সাংসদ গৌৰৱ গগৈৰ

Last Updated : Jan 4, 2022, 7:39 PM IST

For All Latest Updates

ABOUT THE AUTHOR

...view details