অসম

assam

ETV Bharat / state

প্ৰস্ৰাৱগাৰ অবিহনেই বৰ্তি আছে ৰাজ্যৰ আগশাৰীৰ ৰে'ল জংচন

শত বছৰ গৰকা মৰিয়নী ৰেল জংচনত ৰে'ল বিভাগৰ কাণ্ডজ্ঞানহীনতা ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৬ মাহৰ পাচতো যাত্ৰীৰ বাবে মুকলি কৰি দিয়া নাই প্ৰস্ৰাৱগাৰ ৷ হাহাকাৰ ৰেলযাত্ৰীৰ ৷

By

Published : Apr 21, 2019, 12:06 AM IST

মৰিয়নী ৰেল জংচন

যোৰহাট, 20 এপ্ৰিলঃ শত বছৰ গৰকা মৰিয়নী ৰেল জংচনত ৰে'ল বিভাগৰ কাণ্ডজ্ঞানহীনতা ৷ নিৰ্মাণ সম্পূৰ্ণ হোৱাৰ ৬ মাহৰ পাচতো যাত্ৰীৰ বাবে মুকলি কৰি দিয়া নাই প্ৰস্ৰাৱগাৰ ৷ হাহাকাৰ ৰেলযাত্ৰীৰ । মৰিয়নী ৰে'ল জংচনত উজনি অসমলৈ অহা যোৱা কৰা প্ৰত্যেকখন সৰু বৰ ৰে’লেই এই জংচনত ৰোৱাৰ ফলত দিনে নিশাই যাত্ৰীৰ ভিৰ পৰিলক্ষিত হয় ৷ যাত্ৰী সকলৰ সুবিধাৰ্থে জংচনত থকা একমাত্ৰ প্ৰস্ৰাৱগাৰ আৰু শৌচালয় প্ৰায় সাত মাহ পূৰ্বে নতুনকৈ বনাবলৈ ভাঙি দিয়ে ৷ অতি ক্ষিপ্ৰতাৰে ৰে'ল বিভাগে প্ৰায় এমাহৰ ভিতৰতে প্ৰস্ৰাৱগাৰ আৰু শৌচালয়তো নিৰ্মাণ সম্পূৰ্ণ কৰি তোলে যদিও ৰে’লৱে মহাপ্ৰবন্ধক মৰিয়নীলৈ অহাৰ পাচতে যাত্ৰীৰ বাবে মুকলি কৰাৰ সিদ্ধান্ত লয় ৰে’লবিভাগে । বিগত ছমাহ ধৰি মহাপ্ৰবন্ধক গৰাকী মৰিয়নীলৈ অহাৰ সময়সূচী সলনি হৈ বৰ্তমান সময়লৈকে মহাপ্ৰবন্ধক গৰাকী নহাত যাত্ৰী সকলৰ বাবে এই প্ৰস্ৰাৱগাৰ আৰু শৌচালয়তো মুকলি কৰি দিয়া নাই । ফলত অসুবিধাৰ সন্মুখীন হৈছে দূৰ দূৰণিৰ যাত্ৰী সকল ।

মৰিয়নী ৰেল জংচন

ABOUT THE AUTHOR

...view details