টীয়ক 20 অক্টোবৰ : পূজালৈ মাজত মাথো কেইদিনমান বাকী, টীয়কত নাই পূজাৰ উচাহ ৷ চৰকাৰে দিয়া নীতি নিৰ্দেশনা তথা কভিড প্ৰট'কল ৰক্ষা কৰি এইবাৰ অতি অনুষ্টুপীয়াকৈ প্ৰতীকি ৰূপত টীয়কত উদযাপন কৰা হ'ব দূৰ্গা পূজা।টীয়কআৰক্ষী থানাৰ অধীনস্থ এলেকাৰ বিভিন্ন স্থানত উদযাপন কৰি অহা ২৬খন পূজা সমিতিৰ আৰক্ষীৰে হোৱা বৈঠকত চৰকাৰী নীতি-নিয়ম কঠোৰ ভাৱে পালন কৰাৰ বাবে সহমতত উপনীত হয়। ইপিনে পূজাৰ কেইদিন পূজা মণ্ডপৰ আশে-পাশে গঢ় লৈ উঠা দোকান পোহাৰ বহোৱাৰ ক্ষেত্ৰতো বাধ্যবাধকতা আৰোপ কৰাত টীয়ক নগৰত পূৰ্বৰ দৰে পূজাৰ দহ-বাৰ দিন আগৰে পৰা অস্থায়ীভাৱে দোকান স্থাপনৰ বাবে থকা ব্যস্ততাও এইবাৰ পৰিলক্ষিত হোৱা নাই। এইবাৰ কেৱল আধ্যাত্মিকতা ৰক্ষা কৰি চৰকাৰী নিৰ্দেশনা অৱলম্বন কৰিহে পূজাৰ আয়োজন কৰা হৈছে ।
টীয়কত নাই পূজাৰ উচাহ,প্ৰতীকি ৰূপত আয়োজন কৰা হ'ব পূজা - covid
টীয়কত নাই পূজাৰ উচাহ,প্ৰতীকি ৰূপত অনুষ্টুপীয়াকৈ আয়োজন কৰা হ'ব পূজা ৷ চৰকাৰে দিয়া নীতি নিৰ্দেশনা তথা কভিড প্ৰট'কল ৰক্ষা কৰি এইবাৰ অতি অনুষ্টুপীয়াকৈ উদযাপন কৰা হ'ব দূৰ্গা পূজা
টীয়কত নাই পূজাৰ উচাহ,প্ৰতীকী ৰূপত আয়োজন কৰা হ'ব পূজা
লগতে পঢ়ক: "SI কেলেংকাৰীত জড়িত মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল" : দাবী ৰাইজৰ দলৰ