অসম

assam

By

Published : May 1, 2020, 1:02 PM IST

ETV Bharat / state

লক্ ডাউনৰ মাজতে নিতৌ 5-8 হাজাৰ উপাৰ্জন খেতিয়ক দম্পতীৰ

ৰাজ্যৰ একাংশ খেতিয়কৰ বাবে লক্ ডাউন সম্প্ৰতি অভিশাপ স্বৰূপ হৈ পৰাৰ বিপৰীতে, টীয়কৰ বলমা মৰাণ গাঁৱৰ এহাল খেতিয়ক দম্পতীৰ ক্ষেত্ৰত ইয়াৰ ওলোটা দৃশ্য পৰিলক্ষিত হৈছে । এই দম্পতীটোৱে বৰ্তমানেও, দৈনিক তেওঁলোকৰ উৎপাদিত ফচল বিক্ৰী কৰি আৰ্থিকভাৱে স্বাৱলম্বী হৈ আছে বুলি জানিবলৈ দিয়ে ।

no lockdown effect on a farmer couple of teok
no lockdown effect on a farmer couple of teok

টীয়ক, 1 মে':বৰ্তমান লক্ ডাউন হৈ পৰিছে কৃষি কৰ্মৰ লগত জড়িত লোকসকলৰ বাবে অভিশাপ স্বৰূপ । ৰাজ্যৰ ভিন্ন প্ৰান্তৰ খেতিয়কৰ উৎপাদিত ফচল বিক্ৰীৰ অভাৱত হয়তো পেলাই দিবলগীয়া হৈছে নতুবা খেতিপথাৰতে নষ্ট হৈছে । কিন্তু টীয়কৰ বলমা মৰাণ গাঁৱৰ এহাল দম্পতী এতিয়া সকলোৰে বাবে আদৰ্শ হৈ পৰিছে ।

লক্ ডাউনে প্ৰভাৱ পেলাব নোৱাৰা এহাল খেতিয়ক দম্পতী

উল্লেখ্য যে, নৱনিধি গগৈ নামৰ খেতিয়ক গৰাকী আৰু তেওঁৰ পত্নীয়ে লক্ ডাউনৰ সময়তো বৈজ্ঞানিক পদ্ধতি অৱলম্বন কৰি কৰা ভোঁট জলকীয়া, নেমু তথা বিভিন্ন পাচলিৰ খেতিৰে স্বাৱলম্বী হৈছে । তেওঁলোকে দৈনিক ৮-10 কেজি পৰ্যন্ত পাচলি বিক্ৰী কৰিছে বুলি জানিবলৈ দিয়ে । লক্ ডাউনৰ সময়তো তেওঁলোকে প্ৰতিদিনে ৫-৮ হাজাৰ টকা উপাৰ্জন কৰিছে । প্ৰায় ৪ বিঘা মাটিত ভোঁট জলকীয়া, 3 বিঘা মাটিত নেমুৰ খেতি কৰিছে নৱনিধি গগৈয়ে ।

লগতে পঢ়কঃভালুকৰ সাঙীত পৰিণত চৰকাৰী আঁচনি : জৰাজীৰ্ণ ঘৰতেই আশ্ৰয় দম্পতীৰ

ABOUT THE AUTHOR

...view details