টীয়ক, 21 এপ্ৰিলঃ টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত এজনো কৰ্মচাৰী উপস্থিত নাই ৷ চৰকাৰে কঠোৰ নীতি নিৰ্দেশনা জাৰি কৰাৰ পিছতো অনুপস্থিত কৰ্মচাৰী সকল ৷
10 বজালৈকে টীয়ক চক্ৰ বিষয়াৰ কাৰ্যালয়ত অনুপস্থিত কৰ্মচাৰী - যোৰহাট
লক ডাউন খোলাৰ প্ৰথম দিনটোতে টীয়ক ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত নাই এজনো কৰ্মচাৰী ৷ তাৰোপৰি কাৰ্যালয়টোত নাই কোনোধৰণৰ চেনিটাইজাৰৰ ব্যৱস্থা ৷
যোৰহাট জিলাৰ টীয়ক ৰাজহ চক্ৰ কাৰ্যালয়ত এজনো কৰ্মচাৰী উপস্থিতি হোৱা নাই ৷ লক ডাউনৰ মাজতো ৰাজ্য চৰকাৰে কেতবোৰ নীতি নিৰ্দেশনা জাৰি কৰি আজিৰ পৰা চৰকাৰী কাৰ্যালয় সমুহত কাম কাজ আৰম্ভ কৰিব বিচাৰিছিল । কিন্তু এই নিৰ্দেশনাৰ প্ৰথম দিনটোতে টীয়কৰ ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয়ত দেখা গ'ল বিপৰীত দৃশ্য । পুৱা ১০ বজা পৰ্যন্ত কাৰ্যালয়ত চতুৰ্থ শ্ৰেণীৰ দুজন কৰ্মচাৰীৰ বাদে উপস্থিত নাই এজনো বিষয়া-কৰ্মচাৰী । কাৰ্যালয় প্ৰৱেশ পথত হেণ্ড চেনিটাইজাৰৰ বাবে পানীৰ দুটা পাত্ৰ ৰখা হৈছে যদিও পাত্ৰ দুটাত নাই পানী,নাই চেনিটাইজাৰৰ সামগ্ৰী। এনেদৰে ৰাজ্য চৰকাৰৰ কঠোৰ নিৰ্দেশনাৰ পাছতো টীয়কৰ এই গুৰুত্বপূৰ্ণ কাৰ্যালয়টোত অব্যাহত আছে এই পৰিৱেশ।
লগতে পঢ়ক- অখিল গগৈক মুক্তিৰ দাবীৰে মুখ্যমন্ত্ৰীলৈ পত্ৰ প্ৰেৰণ