যোৰহাট,20আগষ্টঃ প্ৰকৃততে কিমান হৈছে ৰাজ্যৰ উন্নয়ন ? পৰিৱৰ্তনৰ কথা কৈ ৰাজ্যৰ শাসনৰ গাদী দখল কৰা বিজেপি চৰকাৰে ৰাইজৰ উন্নয়নত কিমানদূৰ সফল হৈছে, সেইয়া বুজ লৈছেনে ? কেৱল শ্ল'গানতে সীমাৱদ্ধ নেকি উন্নয়ন ? পুনৰ পোহৰলৈ আহিছে উন্নয়নৰ ফোঁপোলা স্বৰূপ ৷ এইবাৰ অসম বিধানসভাৰ অধ্যক্ষ তথা যোৰহাট সমষ্টিৰ বিধায়ক হিতেন্দ্ৰ নাথ গোস্বামীৰ নিজা সমষ্টিতে দেখা পোৱা গ'ল জৰাজীৰ্ণ পথ ৷ পথ বুলি ক'লে হয়টো ভুল হ'ব কাৰণ বোকাময় পথৰ মাজত আছে বৃহৎ দ গাঁত ৷
যোৰহাট সমষ্টিৰ ৰজাহাউলি গাঁও পঞ্চায়তৰ অন্তৰ্গত জানখনা গাঁৱত থকা এই পথটোৱেদি বৰষুণৰ বতৰত অহা-যোৱা কৰাটো দূৰৰ কথা ফৰকাল বতৰতো আহিবলৈ বহুবাৰ ভাৱিব লাগে গাঁওবাসীয়ে ৷ যাৰ পৰিপ্ৰেক্ষিতত আজি জানখনা গাঁৱৰ ৰাইজে পথত কঠিয়া ৰুই তীব্ৰ প্ৰতিবাদী কাৰ্যসূচী ৰূপায়ণ কৰে ৷ আনকি এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে স্বয়ং পঞ্চায়তৰ সভানেত্ৰীয়েও ৷
ইয়াৰ উপৰি ৰাইজৰ এই প্ৰতিবাদী কাৰ্যসূচীত অংশগ্ৰহণ কৰে অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা কমিটিৰ বিষয় ববীয়াই ৷ উন্নয়নৰ ফঁটা ঢোল বজোৱা বিজেপি চৰকাৰক তীব্ৰ সমালোচনা কৰি সংগঠনটোৰ যোৰহাট জিলা কমিটিৰ সম্পাদক প্ৰনৱ শইকীয়াই অতি শীঘ্ৰে বৃহত্তৰ অঞ্চলটোৰ সাধাৰণ ৰাইজৰ কথা চিন্তা কৰি পথটো নিৰ্মাণ কৰি দিবলৈ চৰকাৰক দাবী জনায় ৷