অসম

assam

ETV Bharat / state

Allegations of Scam in Titabor Municipality: তিতাবৰৰ পৌৰপতি, উপ-পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ - উপ পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

দুৰ্নীতি আৰু কেলেংকাৰীৰ অভিযোগত তিতাবৰ পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছে বিজেপিৰ পৌৰ ৱাৰ্ড কমিচনাৰসকলে (Allegations of Scam in Titabor Municipality) ৷

No confidence motion against Titabor Municipality Mayor and Deputy Mayor
অনাস্থা প্ৰস্তাৱ তিতাবৰ পৌৰসভাৰ পৌৰপতি আৰু উপ পৌৰপতিৰ বিৰুদ্ধে

By

Published : Jan 11, 2023, 3:17 PM IST

অনাস্থা প্ৰস্তাৱ তিতাবৰ পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰুদ্ধে

যোৰহাট, 11 জানুৱাৰী: তিতাবৰ পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰুদ্ধে উত্থাপন হৈছে গুৰুতৰ অভিযোগ ৷ পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰুদ্ধে ব্যাপক দুৰ্নীতি আৰু কেলেংকাৰীৰ অভিযোগ উত্থাপন কৰিছে তিনিগৰাকী বিজেপি ৱাৰ্ড কমিছনাৰে । নিজৰ মইমতালিৰে কাম কৰাৰ বাবে অদক্ষ তিতাবৰৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ গ্ৰহণ কৰিছে বিজেপি পৌৰ ৱাৰ্ড কমিচনাৰসকলে (No confidence motion against Titabor Municipality Mayor) ৷

উল্লেখ্য যে, নিজৰ মইমতালিৰে কাম কৰাৰ লগতে নিজ খেয়াল-খুচি মতে নিবিদা নোলোৱাকৈ পৌৰপতিগৰাকীয়ে পানীযোগান আঁচনিৰ নামত ঠিকাদাৰক 56 লাখ টকাৰ কাম দিয়াৰ লগতে 5 কোটি টকাৰ নগদ ধন জমা থকাৰ পাছতো তিতাবৰৰ নগৰত কোনো ধৰণৰ উন্নয়নমূলক কাম নকৰা বাবেই তিতাবৰবাসী ৰাইজৰ লগতে পৌৰসভাৰ ৱাৰ্ড কমিচনাৰসকল জাঙুৰ খাই উঠে (No confidence motion against Titabor Deputy Mayor) ৷

ইফালে পৌৰসভাৰ ৱাৰ্ড কমিচনাৰসকলে পৌৰসভাখনত সংঘটিত হৈ অহা অনিয়ম আৰু দুৰ্নীতিৰ সকলো কথা বিৱৰি বিজেপিৰ ৰাজ্যিক নেতৃত্বক অৱগত কৰিছিল ৷ কিন্তু এইক্ষেত্ৰত ৰাজ্যিক নেতৃত্বই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাৰ অভিযোগ পৌৰসভাৰ ৱাৰ্ড কমিচনাৰ (Scam in Titabor Municipality) ৷

ৰাজ্যিক নেতৃত্বই কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ নকৰাত অৱশেষত উপায়বিহীন হৈ ১০ জানুৱাৰীত তিনিগৰাকী ৱাৰ্ড সদস্য ক্ৰমে ৰাজীৱ দত্ত, ৰশ্মিতা ভৰ্টাচাৰ্য কটকী, নিপা চুতীয়া লাহনে পৌৰসভাৰ পৌৰপতি আৰু উপ-পৌৰপতিৰ বিৰুদ্ধে অনাস্থা প্ৰস্থাৱ আনিবলৈ বাধ্য হৈছে ৷ মঙলবাৰে তিতাবৰ মহকুমাধিপতিক অনাস্থা প্ৰস্তাৱ পত্ৰ প্ৰদান কৰে । পৰৰ্বতী সময়ত তিতাবৰ মহকুমা প্ৰশাসনে কি ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰে সেয়া লক্ষনীয় হ’ব (Allegations of Scam in Titabor Municipality) ৷

উল্লেখযোগ্য যে তিতাবৰ পৌৰসভাখনত পৌৰপতি আৰু উপ-পৌৰপতি গৰাকীয়ে নিজৰ মইমতালিৰে পৌৰসভাৰ কাম-কাজ চলাই আহিছিল আৰু ৱাৰ্ড কমিচনাৰসকলৰ সৈতে কোনো ধৰণৰ পৰামৰ্শও লোৱা নাছিল । কেৱল নিজৰ অঙহী বঙহীক নিৱিদা অবিহনে পৌৰসভাৰ সকলো কাম-কাজৰ ঠিকা অৰ্পণ কৰাৰ গুৰুত্বৰ অভিযোগ উত্থাপিত হৈ আহিছিল । ফলত খৰ্গহস্থ হৈ পৰিছিল ৱাৰ্ড কমিচনাৰসকল ।

অৱশেষত উপায়ন্তৰ হৈ পৌৰপতি আৰু উপ-পৌৰপতি বিৰুদ্ধে তিনিগৰাকী বাৰ্ড কমিছনাৰে অনাস্থা প্ৰস্তাৱ আনিবলৈ বাধ্য হয় । অনাস্থা প্ৰস্তাৱ অনাৰ পূৰ্বে তেওঁলোকে পৌৰপতি আৰু উপ-পৌৰপতি দুৰ্নীতি আৰু অনিয়মৰ কথা ৰাজ্যিক বিজেপিৰ শীৰ্ষ নেতৃত্বক অৱগত কৰিছিল ৷ কিন্তু ৰাজ্যিক বিজেপি নেতৃত্বই গুৰুত্ব নিদিয়াৰ বাবে এইদৰে তিনিগৰাকী ৱাৰ্ড কমিছনাৰে এনে সিদ্ধান্ত গ্ৰহণ কৰিবলৈ বাধ্য হয় বুলি উল্লেখ কৰে ৱাৰ্ড কমিছনাৰ ৰাজীৱ দত্তই ।

লগতে পঢ়ক:Scam in Gaon Panchayat: মৈৰাবাৰী পঞ্চায়ত সভানেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ

ABOUT THE AUTHOR

...view details