অসম

assam

ETV Bharat / state

Dergaon municipality : ভংগ হোৱাৰ দিশে বিজেপি নেতৃত্বাধীন দেৰগাঁও পৌৰসভা; পৌৰনেত্ৰীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ - তিতাবৰ পৌৰসভা বিজেপিৰ পৰা কংগ্ৰেছৰ দখললৈ

এটাৰ পিচত আনটো মোক্ষম আঘাত বিজেপি দলৰ তৃণমূল পৰ্যায়ত ৷ তিতাবৰৰ পিছত ভংগ হোৱাৰ দিশে বিজেপি নেতৃত্বাধীন দেৰগাঁও পৌৰসভা ৷

Dergaon municipality
ভংগ হোৱাৰ দিশে বিজেপি নেতৃত্বাধীন দেৰগাঁও পৌৰসভা

By ETV Bharat Assamese Team

Published : Aug 29, 2023, 1:34 PM IST

ভংগ হোৱাৰ দিশে বিজেপি নেতৃত্বাধীন দেৰগাঁও পৌৰসভা

যোৰহাট, 29 আগষ্ট: তিতাবৰৰ পিছত ভংগ হোৱাৰ দিশে দেৰগাঁও পৌৰসভা । 9 গৰাকী ৱাৰ্ড মেম্বাৰে দেৰগাঁও পৌৰসভাৰ বিৰুদ্ধে আনিছে অনাস্থা প্ৰস্তাৱ । বিজেপিৰ দুজন ৱাৰ্ড সদস্যই কংগ্ৰেছত যোগদান কৰাৰ পিছতেই তিতাবৰ পৌৰসভা বিজেপিৰ পৰা কংগ্ৰেছৰ দখললৈ যোৱাটো একপ্ৰকাৰ নিশ্চিত হৈ পৰাৰ পিছত এতিয়া ভংগ হোৱাৰ দিশে গতি কৰিছে বিজেপিৰ দখলত থকা দেৰগাঁও পৌৰসভা ।

কাৰণ বিজেপি শাসিত দেৰগাঁও পৌৰসভাৰ পৌৰনেত্ৰীগৰাকীয়ে দায়িত্বভাৰ লোৱাৰ পিছতেই একনায়কত্ববাদ আৰু স্বেচ্ছাচাৰিতা প্ৰদৰ্শন কৰি আহিছে বুলি অভিযোগ তুলিছে পৌৰনেত্ৰী ৰূপাঞ্জলী বৰাৰ বিৰুদ্ধে ৷ এই অভিযোগ তুলি পৌৰনেত্ৰীগৰাকীৰ বিৰুদ্ধে অনাস্থা প্ৰস্তাৱ আনিলে 9 গৰাকী কৈ ৱাৰ্ড সদস্যই ৷ উক্ত অনাস্থা প্ৰস্তাৱ গোলাঘাট জিলা আয়ুক্তক প্ৰদান কৰাৰ পিছতেই হাহাকাৰ লাগিছে সমগ্ৰ দেৰগাঁৱত ।

পৌৰনেত্ৰীগৰাকীয়ে নিজৰে ৱাৰ্ড সদস্যক অন্ধকাৰত ৰাখি কিছুমান কাম আৰু সিদ্ধান্ত বিগত সময়ছোৱাত গ্ৰহণ কৰা বুলি মেম্বাৰকেইজনে অভিযোগ তোলে ৷ পৌৰনেত্ৰীগৰাকীৰ কাম-কাজত অসন্তুষ্ট হৈ নেত্ৰীগৰাকীৰ বিৰুদ্ধে এই সিদ্ধান্ত গ্ৰহণ কৰা বুলি জনায় ক্ষোভিত 9 গৰাকী ৱাৰ্ড সদস্যই । মুঠ 10 গৰাকী সদস্যৰে গঠিত দেৰগাঁও পৌৰসভাখনৰ 9 গৰাকীয়েই আনিছে এই অনাস্থা প্ৰস্তাৱ ।

উল্লেখ কৰা প্ৰয়োজন যে, বিজেপি নেতৃত্বাধীন দেৰগাঁও পৌৰসভাৰ বিৰুদ্ধে বিভিন্ন সময়ত উত্থাপন হৈ আহিছিল বিভিন্ন অভিযোগ । তাৎপৰ্যপূৰ্ণ বিষয় যে, লোকসভা নিৰ্বাচনৰ পূৰ্বে তিতাবৰ পৌৰসভাৰ পিছত দেৰগাঁও পৌৰসভাৰ এই পৰিৱেশে বিজেপি দলৰ ভিতৰচ'ৰাত সৃষ্টি কৰিছে হাহাকাৰ পৰিস্থিতিৰ । আনহাতে বিজেপিৰ ভিতৰ চ’ৰাত সৃষ্টি হোৱা আভ্যন্তৰীণ সংঘাত, আন্তঃকন্দল, ক্ষোভ-অসন্তুষ্টি আদিৰ ক্ষেত্ৰত শীৰ্ষ নেতৃত্বই কি পদক্ষেপ গ্ৰহণ কৰে সেয়া পৰৱৰ্তী সময়তহে হ’ব লক্ষণীয় বিষয় ।

লগতে পঢ়ক:Titabar Municipality: দুই বিজেপি ৱাৰ্ড সদস্যৰ দলত্যাগ, কংগ্ৰেছৰ দখললৈ তিতাবৰ পৌৰসভা

ABOUT THE AUTHOR

...view details