টীয়ক, 15 আগষ্টঃ দীৰ্ঘদিন ধৰি শাৰিৰীক অসুস্থতাত ভূগি থকা বিপিন চন্দ্ৰ দাসে আকস্মিক ভাবে মৃত্যুক আকোঁৱালি লোৱাত পৰিয়ালটোলৈ এতিয়া নামি আহিছে কাল অমানিশা । মৃতকৰ তিলনী পাতিবলৈও এতিয়া অসমৰ্থ বিপিন চন্দ্ৰ দাসৰ দুৰ্ভগীয়া পৰিয়ালটো । উৰুখা পঁজাত এতিয়া কান্দোনত ভাঙি পৰিছে দুই পুত্ৰ সহ প্ৰয়াত দাসৰ পত্নী । চৰকাৰ আহিল চৰকাৰ গ'ল, কিন্তু টীয়কৰ বনাই পথলিয়াল গাঁৱৰ অসম আন্দোলনৰ নিৰ্যাতিত বিপিন চন্দ্ৰ দাসৰ পৰিয়ালটোৱে আজিও নাপালে কোনো চৰকাৰী সাহায্য ।
ৰজাঘৰীয়া সাহায্যৰ সপোন বুকুত বান্ধি গ'লগৈ বিপিন চন্দ্ৰ দাস ... - বিপিন চন্দ্ৰ দাসৰ মৃত্যু
টীয়কৰ বনাই পথলিয়াল গাঁৱৰ অসম আন্দোলনৰ নিৰ্যাতিত বিপিন চন্দ্ৰ দাসৰ পৰিয়ালটোৱে আজিও নাপালে কোনো চৰকাৰী সাহায্য । আকস্মিকভাৱে মৃত্যুক আকোঁৱালি লোৱা দাসৰ দুৰ্ভগীয়া পৰিয়ালটো এতিয়া পাতিবলৈও অসমৰ্থ ৷
ৰজাঘৰীয়া সাহায্যৰ সপোন বুকুত বান্ধি গ'লগৈ বিপিন চন্দ্ৰ দাস ...
অসম আন্দোলনৰ সময়ছোৱাত ১৯৮৩ চনৰ ১৪ ফেব্ৰুৱাৰীৰ নিশা টীয়কৰ বনাই পথলিয়াল গাঁৱৰ বৰনামঘৰৰ সমীপত চি আৰ পি এফ বাহিনীৰ নিৰ্বিচাৰ গুলীচালনাত শ্বহীদ হৈছিল পোৱাল দাস আৰু আহত হৈ ঘূণীয়া হৈছিল বিপিন চন্দ্ৰ দাস।
Last Updated : Aug 27, 2019, 3:48 PM IST