শিল্পী লোকনাথ গোস্বামীলৈ নৱম বাৰ্ষিক মঘাই ওজা স্মাৰক বঁটা প্ৰদান - AJYCP
অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ উদ্যোগত বাৰ্ষিক মঘাই ওজা বঁটা প্ৰদান । বিশিষ্ট লোকশিল্পী লোকনাথ গোস্বামীলৈ 2019 বৰ্ষৰ মঘাই ওজা স্মাৰক বঁটা প্ৰদান ৷
যোৰহাট,14 চেপ্তেম্বৰঃ ঢোলৰে বিশ্ব দৰবাৰত অসমীয়া জাতিৰ চহকী সংস্কৃতিক চিনাকি কৰাই দিয়াত যিসকল স্বনামধন্য লোক শিল্পীৰ ভুমিকা আছিল তাৰ ভিতৰত মঘাই ওজা আছিল অনবৈদ্য । তাহানিৰ দিনতেই ঢোলবাদ্যকে জীৱনৰ অন্যতম সংগী হিচাপে বাচি লৈ আজীৱন লোক শিল্পৰ সাধনাৰে নিজৰ জীৱন উচৰ্গা কৰা মঘাই ওজাৰ নামত বিগত আঠটা বৰ্ষ অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ যোৰহাট জিলা সমিতিয়ে ৰাজ্যখনৰ লোকশিল্পৰ ক্ষেত্ৰখনলৈ অৱদান যোগোৱা শিল্পী সকলক বঁটা প্ৰদান কৰি আহিছে। এই বৰ্ষতো বিশিষ্ট শিল্পী লোকনাথ গোস্বামীক মঘাই ওজা বঁটা প্ৰদান কৰে যুৱ ছাত্ৰ পৰিষদে। যোৰহাট জিলাৰ মুক্তি যোদ্ধা শ্ৰী শ্ৰী পীতাম্বৰ দেৱ গোস্বামী প্ৰেক্ষাগৃহত অনুষ্ঠিত হোৱা গাম্ভীৰ্যপূৰ্ণ অনুষ্ঠানত বঁটা প্ৰদান কৰা হয় শিল্পী গৰাকীক। বঁটা প্ৰদান অনুষ্ঠানত বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা,সদৌ অসম ছাত্ৰ সন্থাৰ সাধাৰণ সম্পাদক লুৰিণজ্যোতি গগৈ,অসম জাতীয়তাবাদী যুৱ ছাত্ৰ পৰিষদৰ কেন্দ্ৰীয় সভাপতি ৰাণা প্ৰতাপ বৰুৱাকে ধৰি বিভিন্ন ক্ষেত্ৰৰ বিশিষ্ট ব্যক্তিয়ে অংশগ্ৰহণ কৰে। আনহাতে মঘাই ওজা বঁটা পোৱা বিশিষ্ট শিল্পী লোকনাথ গোস্বামীয়ে যুৱ ছাত্ৰ পৰিষদৰ এই কাৰ্যক শলাগ লোৱাৰ লগতে তেখেতক এই বঁটা লাভৰ গৌৰৱ প্ৰদান কৰাৰ বাবে ধন্যবাদ জ্ঞাপন কৰে ৷