অসম

assam

By

Published : Jun 26, 2020, 9:16 PM IST

ETV Bharat / state

বন্ধ ফেৰী সেৱা : ফুলদানি ৰূপত কোটি টকীয়া ৰ'ৰ জাহাজ

ব্ৰহ্মপুত্ৰৰ পানী উজনি অসমৰ বিভিন্ন ঠাইত বৃদ্ধি পোৱা সময়তে যোৰহাটৰ নিমাতীঘাটত কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বৰ্তমানেও যোৰহাট মাজুলীৰ ফেৰী সেৱা ব্যাহত হৈ আছে ৷

Nimati ferri ghat closed because of the water level of Brahmaputra
তৃতীয় দিনাও বন্ধ নিমাতী ঘাটৰ ফেৰী সেৱাঃ ফুলদানি ৰূপত কোটি টকীয়া ৰ'ৰ জাহাজ

যোৰহাট, 26 জুন: তৃতীয় দিনাও বন্ধ হৈ আছে নিমাতীঘাটৰ ফেৰী সেৱা ৷ ব্ৰহ্মপুত্ৰৰ পানী উজনি অসমৰ বিভিন্ন ঠাইত বৃদ্ধি পোৱা সময়তে যোৰহাটৰ নিমাতীঘাটত কিছু পৰিমাণে হ্ৰাস পাইছে যদিও বৰ্তমানেও যোৰহাট মাজুলীৰ ফেৰী সেৱা ব্যাহত হৈ আছে ৷ কিন্তু প্ৰশাসনৰ নিৰ্দেশত বৰ্তমানো বন্ধ হৈ আছে নিমাতীঘাটৰ পৰা মাজুলী লৈ চলাচল কৰা সকলো যাত্ৰীবাহী ফেৰী সেৱা ৷ যাৰফলত এক প্ৰকাৰৰ জলবন্দী জীৱন যাপন কৰি আছে মাজুলী বাসীয়ে ৷

তৃতীয় দিনাও বন্ধ নিমাতী ঘাটৰ ফেৰী সেৱা

আভ্যন্তৰীণ জল পৰিবহন বিভাগে জনোৱা অনুসৰি, আগন্তুক দিন কেইটাত পুনৰ ব্ৰহ্মপুত্ৰৰ বক্ষত পানী বৃদ্ধি পোৱাৰ সম্ভাৱনা আছে ৷ যাৰ বাবে কিছু দীঘলীয়াকৈ বন্ধ হ'ব যোৰহাট মাজুলী ফেৰী সেৱা ৷ আভ্যন্তৰীণ জল পৰিবহন বিভাগৰ অভিযন্তা ৰাতুল তামুলীয়ে জনোৱা অনুসৰি ইতিমধ্যে উজনি অসমৰ কেইবাখনো জিলাত ব্ৰহ্মপুত্ৰৰ জলপৃষ্ঠ বৃদ্ধি পাইছে ৷ যাৰ ফলত শুকুৰবাৰে নিশালৈ নিমাতীঘাটতো বৃদ্ধি পাব জলপৃষ্ঠ ৷

দীঘলীয়াকৈ বন্ধ হ'ব যোৰহাট মাজুলী ফেৰী সেৱা

উল্লেখ্যনীয় যে, বৰ্তমান সময়ছোৱাত অচল হৈ পৰি আছে মাজুলী বাসীৰ যাতায়তৰ সুবিধাৰ্থে চৰকাৰে যোগান ধৰা কোটি টকীয়া ৰ'ৰ জাহাজ ৷ বিগত ৰাসৰ সময়ত মাত্ৰ কেইটামান দিনৰ বাবেহে চলাচল কৰিছিল এই কোটি টকীয়া জাহাজখন ৷ প্ৰথম অৱস্থাত ডলফিন কোম্পানীয়ে এই জাহাজখন চলাচলৰ ব্যৱস্থা গ্ৰহণ কৰিছিল যদিও বৰ্তমান আই ডব্লিউ আই য়ে চলোৱা ব্যৱস্থা গ্ৰহণ কৰিছে জাহাজ খন ৷ কিন্তু চৰকাৰে মাজুলীবাসীৰ বিপদৰ সময়ত সহায় হ'ব পৰাকৈ এই ৰ'ৰ জাহাজ খন আনিছিল যদিও এতিয়া আছে গৰু নাবাই হাল থকাতকৈ নথকাই ভালৰ দৰে হৈ পৰি ৰৈছে জাহাজখন ৷

লগতে পঢ়কঃ গালৱান উপত্যকাত শ্বহীদ হোৱা সৈনিকলৈ কংগ্ৰেছৰ শ্ৰদ্ধাঞ্জলি

ABOUT THE AUTHOR

...view details