টীয়ক, 8 জুলাই: টীয়কবাসীলৈ সুখবৰ ৷ মালয়েছিয়াত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত দেশক প্ৰতিনিধিত্ব কৰিব টীয়কৰ নীহা ৰাজোৱাৰে (Niha Rajowar of Teok selected for IFMA) ৷ কিছুদিনৰ পূৰ্বে মধ্যপ্ৰদেশত অনুষ্ঠিত ৰাষ্ট্ৰীয় পৰ্যায়ৰ প্ৰতিযোগিতাত সোণৰ পদক বুটলি অসমলৈ গৌৰৱ কঢ়িয়াই আনিছিল পোন্ধৰ বছৰীয়া নীহা ৰাজোৱাৰে ৷
তাৰ পিছতে মালয়েছিয়াত আগন্তুক আগষ্টত অনুষ্ঠিত আন্তঃৰাষ্ট্ৰীয় মুৱাইথাই কিক বক্সিং প্ৰতিযোগিতাত (IFMA Youth World Championships to be held in Malaysia) দেশক প্ৰতিনিধিত্ব কৰিবলৈ নিৰ্বাচিত হয় নীহা ৰাজোৱাৰে ৷ নীহা ৰাজোৱাৰে টীয়ক চাহ বাগিচাৰ খৰি- পালেঙৰ বাবুল ৰাজোৱাৰ আৰু গীতা ৰাজোৱাৰৰ কন্যা ৷ নীহা সম্প্ৰতি নৱম শ্ৰেণীৰ ছাত্ৰী ৷ কন্যাৰ এই সফলতাত পিতৃ-মাতৃ আনন্দিত হৈছে যদিও আন এক চিন্তাই চিন্তিত কৰি তুলিছে নীহাৰ পৰিয়ালক ৷