টীয়ক, 12 আগষ্ট : যোৰহাট বাইপাছৰ পৰা জাঁজী লৈকে ৩৭ নং ৰাষ্ট্ৰীয় ঘাইপথ সম্প্ৰসাৰণৰ কামৰ সৈতে জড়িত GDCL নামৰ নিৰ্মাণ সংস্থাটোক অব্যাহতি দিয়াৰ পাছতে এতিয়া হাহাকাৰ পৰিস্থিতিৰ সৃষ্টি হৈছে ঠিকাদাৰ সকলৰ মাজত ৷ জানিব পৰা মতে নিৰ্মাণ সংস্থা জিডিছিএলে উপ ঠিকা প্ৰদান কৰা লিংকন এণ্ড ডিগনিটি নামৰ প্ৰতিষ্ঠানটোৱে পথ সম্প্ৰসাৰণৰ বাবে প্ৰয়োজনীয় মাটি, পলস, শিল, বালি আদি যোগানৰ দায়িত্ব দিছিল স্থানীয় একাংশ যুৱকক ৷
চুক্তি অনুসৰি টীয়কৰ একাংশ ঠিকাদাৰে পথ সম্প্ৰসাৰণৰ সামগ্ৰী যোগান ধৰিছিল ৷ কিন্তু সমাগ্ৰী যোগান ধৰা নামত স্থানীয় ঠিকাদাৰ সকলে যিমান টকা বিনিয়োগ কৰিছিল সেই টকা আজিও নিৰ্মাণকাৰী সংস্থাটোৱে আদায় কৰা নাই ৷ ফলত অনিশ্চয়তাত ভুগিবলগীয়া ঠিকাদাৰ সকলে ৷
শেহতীয়াকৈ জি ডি ছি এলক কামৰ পৰা অব্যাহতি দিয়াত স্বাভাৱিকতে লিংকন এণ্ড ডিগনিটি (linkan and dignity) নামৰ প্ৰতিষ্ঠানটোৰ কাম-কাজো বন্ধ হৈ পৰিল ৷ এই দুয়োটা প্ৰতিষ্ঠানৰ বিষয়া সকলে টীয়কৰ মেলেং মেটেলিস্থিত কাৰ্যালয়ও ইতিমধ্যে ত্যাগ কৰিছে ৷
লগতে পঢ়ক :বিজেপিলৈ যাব কংগ্ৰেছ সাংসদ প্ৰদ্যুৎ বৰদলৈ !