অসম

assam

ETV Bharat / state

যোৰহাটত যান-বাহন চালনৰ নতুন নিয়ম প্ৰচলন !

যোৰহাটত যান-বাহনৰ নতুন নিয়ম প্ৰযোজ্য। যোৰহাট জিলা দণ্ডাধীশে ঘোষণা কৰে এই কথা ৷ পুনৰ নিদেৰ্শনা নিদিয়া পৰ্যন্ত বাহাল থাকিব এই নিয়ম।

new regulation for vehicle transportation in jorhat
new regulation for vehicle transportation in jorhat

By

Published : May 5, 2020, 12:58 PM IST

যোৰহাট, 5 মে' :সাম্প্ৰতিক সময়ত অব্যাহত থকা ক'ৰণা ভাইৰাছৰ সংক্ৰমণ ৰোধৰ প্ৰতি লক্ষ্য ৰাখি যোৰহাট জিলা দণ্ডাধীশে এটা গুৰুত্বপূৰ্ণ নিৰ্দেশ জাৰি কৰিছে ৷ এই নিৰ্দেশ অনুসৰি মঙলবাৰৰ পৰা অত্যাৱশ্যকীয় সেৱাত জড়িত অনুমতি পত্ৰ থকা বাহন সমূহৰ চলাচল সীমিতকৰণৰ বাবে ব্যৱস্থা গ্ৰহণ কৰিছে ৷

যোৰহাটত যান-বাহন চালনৰ নতুন নিয়ম প্ৰচলন !

বিভাগীয় অনুমতি পত্ৰ থাকিলেও দুচকীয়া বাহনসহ যান-বাহন সমূহ এতিয়াৰে পৰা বিশেষ নিয়মৰ মাজেৰেহে চলাচল কৰিব পাৰিব ৷ যিবোৰ বাহনৰ পঞ্জীয়ন নম্বৰৰ শেষৰ সংখ্যাটো অযুগ্ম সেই বাহন সমুহ প্ৰতি সপ্তাহৰ সোমবাৰ,বুধবাৰ,আৰু শুক্ৰবাৰে চলাচল কৰিব পাৰিব । আনহাতে মঙলবাৰ, বৃহস্পতি বাৰ,শনিবাৰে যুগ্ম সংখ্যাৰ বাহনসমূহ চলাচল কৰিব পাৰিব। অৱশ্যে দেওবাৰে সকলো নম্বৰৰ বাহনেই চলাচল কৰিব পাৰিব বুলি জনাইছে নিৰ্দেশটোত ।

আনহাতে, এই নিৰ্দেশৰ পৰা স্বাস্থ্য সেৱা, আৰক্ষী, সাংবাদিক, অগ্নি নিৰ্বাপক,জৰুৰীকালীন সেৱাত জড়িত টেলিকম,বিদ্যুৎ, ৰাজ্যিক পৰিবহণ নিগমৰ অধীনৰ বাছ আৰু পৌৰসভাৰ বাহন, মালবাহী বাহন সমুহক ৰেহাই দিয়া হৈছে । এই আদেশ জিলাখনত তৎকালীনভাৱে বলবৎ কৰা হৈছে আৰু পুনৰ নিৰ্দেশ নিদিয়া পৰ্যন্ত বাহাল থাকিব ।

লগতে পঢ়ক :লক্ ডাউন 3.0ঃ বন্দীত্বৰ পৰা আংশিক সকাহ !

ABOUT THE AUTHOR

...view details