গুৱাহাটী, ৯ অক্টোবৰ :ৰাজ্যৰ পাঁচটাকৈ বিধানসভা সমষ্টি ক্ৰমে ভবানীপুৰ, মৰিয়নি, থাওৰা, গোঁসাইগাঁও আৰু তামুলপুৰত ৩০ অক্টোবৰত অনুষ্ঠিত হব উপ-নিৰ্বাচন । কিন্তু এই পাঁচটা সমষ্টিৰ উপ নিৰ্বাচনৰ দিন দেশৰ নিৰ্বাচন আয়োগে ঘোষণা কৰাৰ সময়লৈকে যিহেতু সৰ্বানন্দ সোণোৱালে মাজুলীৰ বিধায়ক পদ ত্যাগ কৰা নাছিল সেয়েহে মাজুলীৰ উপ নিৰ্বাচনৰ দিন নিৰ্বাচন আয়োগে ঘোষণা কৰিব পৰা অৱস্থাত নাছিল ।
কিন্তু শেহতীয়াকৈ ৰাজ্যৰ ৰাজনীতিত সৰ্বাধিক চৰ্চিত বিষয়টো হৈছে যে পৰবৰ্তী সময়ত কেৱল মাজুলীতেই উপ নিৰ্বাচন অনুষ্ঠিত হব নে আন কোনো সমষ্টিতো হব । এইক্ষেত্ৰত আটাইতকৈ চৰ্চিত সমষ্টিটো হৈছে তিতাবৰ । সম্প্ৰতি তিতাবৰ আছে কংগ্ৰেছৰ দখলত, প্ৰাক্তন মুখ্যমন্ত্ৰী প্ৰয়াত তৰুণ গগৈৰ উত্তৰসূৰী হিচাপে সমষ্টিটোৰ পৰা বিধায়ক নিৰ্বাচিত হৈ আহিছে কংগ্ৰেছৰ ভাস্কৰজ্যোতি বৰুৱা ।
কিন্তু এতিয়া সৰ্বত্ৰ চৰ্চা চলিছে যে সুশান্ত বৰগোহাঁই বা ৰূপজ্যোতি কুৰ্মীৰ দৰে ভাস্কৰ বৰুৱায়ো বিজেপিৰ বৰঘৰত প্ৰবেশ কৰাৰ যো-জা চলাইছে । বিধায়ক গৰাকীৰ কেতবোৰ কামকাজেও এই সন্দেহ অধিক ঘনীভূত কৰিছে ।