অসম

assam

যোৰহাটত মুকলি স্ব-নিয়োজন আঁচনি

By

Published : Jun 1, 2020, 6:22 PM IST

বহিঃৰাজ্যৰ পৰা অসমলৈ ঘূৰি অহা লোকসকলক সংস্থাপন দিয়াৰ উদ্দেশ্যে যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ। এই পদক্ষেপৰ অংশস্বৰূপে লোকসকলক বিভিন্ন ধৰণেৰে সংস্থাপন দিয়াৰ বাবে যোৰহাট জিলা প্ৰশাসনে প্ৰস্তুত কৰিছে এক স্ব-নিয়োজন আঁচনি ।

New planning Inauguration by speaker hitendra nath goswami jorhat assam etv bharat news
স্ব-নিয়োজন আঁচনি মুকলি

যোৰহাট,1 জুন:লক​ ডাউনৰ ফলত বহিঃৰাজ্যত আৱদ্ধ যুৱক-যুৱতী তথা বিভিন্ন কৰ্মত ব্যস্ত লোকসকলক বৰ্তমান চৰকাৰে ঘূৰাই অনাৰ বাবে যি ব্যৱস্থা গ্ৰহণ কৰিছে,তাৰ ফলত বহু লোক নিবনুৱা হৈ পৰাৰ সম্ভাৱনা দেখা দিছে ৷ সেয়ে এইসকল ব্যক্তিক সংস্থাপন দিয়াৰ উদ্দেশ্যে যোৰহাট জিলা প্ৰশাসনে গ্ৰহণ কৰিছে বিশেষ পদক্ষেপ । এই পদক্ষেপৰ অংশস্বৰূপে লোকসকলক বিভিন্ন ধৰণেৰে সংস্থাপন দিয়াৰ বাবে যোৰহাট জিলা প্ৰশাসনে প্ৰস্তুত কৰিছে এক স্ব-নিয়োজন আঁচনি ।

স্ব-নিয়োজন আঁচনি মুকলি

তদুপৰি,অংগনবাদী শিশুসকলৰ শিক্ষাৰ ক্ষেত্ৰত সহায়ৰ বাবে যোৰহাট জিলা প্ৰশাসনে ঘৰে ঘৰে আৰম্ভ কৰিছে বিশেষ অংগনবাদী আঁচনি ৷ এই দুখন আঁচনি সোমবাৰে যোৰহাট জিলা উপায়ুক্ত কাৰ্যালয়ৰ সভাগৃহত অনুষ্ঠিত এক সংবাদমেলত মুকলি কৰে বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামী,ৰাজ্যসভাৰ সাংসদ কামাখ্যা প্ৰসাদ তাছা আৰু জিলা উপায়ুক্ত ৰোচনী অপৰঞ্জী কৰাতিয়ে । দুইখন আঁচনি উদ্বোধন কৰি বিধানসভাৰ অধ্যক্ষ হিতেন্দ্ৰ নাথ গোস্বামীয়ে এই আঁচনি এক মাইলষ্ট’নত পৰিণত হোৱাৰ কথা প্ৰকাশ কৰে। উল্লেখ্য যে,এই আঁচনিৰ জৰিয়তে প্ৰথমে লোকসকলৰ দক্ষতা আৰু অৰ্হতাৰ তথ্য সংগ্ৰহৰ কাম হাতত লোৱাৰ লগতে প্ৰ-পত্ৰ প্ৰস্তুত কৰি কোৱাৰেণ্টাইন কেন্দ্ৰসমূহত বিতৰণ কৰা হৈছে । ইয়াৰ জৰিয়তে অসম চৰকাৰৰ পঞ্চায়ত আৰু গ্ৰামোন্নয়ন,কৃষি,পশুপালন উদ্যোগ, মৎস্য পালন আৰু অন্যান্য বিভাগ সমূহত পুনৰ সংস্থাপনৰ ব্যৱস্থা গ্ৰহণ কৰা হ’ব ।

লগতে চাওকঃশ্ৰমিকক শোষণৰ বিৰুদ্ধে তীব্ৰ প্ৰতিবাদ সাব্যস্ত গোলাঘাটত

ABOUT THE AUTHOR

...view details