অসম

assam

New born baby recovered: হায় জীৱশ্ৰেষ্ঠ! সদ্যজাত কণমানিক পথৰ কাষতে এৰিলে পিতৃ-মাতৃয়ে!

By ETV Bharat Assamese Team

Published : Aug 31, 2023, 6:18 PM IST

সভ্য সমাজক লজ্জানত কৰা ঘটনা ৷ এখন নম্বৰ প্লেটবিহীন স্কুটীত অহা দুবৃৰ্ত্তই পথৰ কাষত নৱজাতক এৰি পলায়ন কৰে ৷

New born baby recovered in jorhat
সদ্যোজাত কণমানিক পথৰ কাষতে এৰিলে পিতৃ-মাতৃয়ে!

সদ্যজাত কণমানিক পথৰ কাষতে এৰিলে পিতৃ-মাতৃয়ে!

যোৰহাট, 31 আগষ্ট : জীৱশ্ৰেষ্ঠৰ নিকৃষ্ট কৰ্ম ৷ যোৰহাটত জিলাক সভ্য সমাজক লজ্জানত কৰা ঘটনা সংঘটিত হৈছে ৷ এখন নম্বৰ প্লেটবিহীন স্কুটীত অহা অচিনাকী ব্যক্তিয়ে পথৰ কাষত নৱজাতকক এৰি পলায়ন কৰে ৷

যোৰহাট জিলাৰ দক্ষিণ প্ৰান্তৰ বাঘচোং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰ সমীপৰ পথৰ কাষত এটি নৱজাতকক এৰি পলায়ন কৰে এহাল পাষাণ পুৰুষ আৰু মহিলাই ৷ ঘটনা বিৱৰণী অনুসৰি বৃহস্পতিবাৰে বাঘচোঙৰ শইকীয়া পথৰ সমীপত এখন নম্বৰ প্লেট বিহীন স্কুটীত অহা এহাল পুৰুষ মহিলাই পথৰ কাষৰে গৈ থকা তৃশাংকু শইকীয়া নামৰ কিশোৰজনৰ হাতত নৱজাতকটোক দি ঘটনাস্থলীৰ পৰা পলায়ন কৰে। কিশোৰজনে লগৰ এগৰাকী বন্ধুৰ সৈতে দোকানলৈ গৈ থকা অৱস্থাত স্কুটীৰ পৰা নামি মহিলাগৰাকীয়ে কিশোৰটোক মেৰিয়াই থোৱা নৱজাতকটো ল’বলৈ দিয়াত কিশোৰটোৱে মহিলাগৰাকীৰ কিবা অসুবিধা হোৱাৰ বাবে ধৰিবলৈ দিয়া বুলি ভাবি লৈ দিয়ে ৷ কিন্তু মহিলাগৰাকী চকুৰ পচাৰতে স্কুটীত উঠি পলায়ন কৰাত কিশোৰটো কিংকৰ্তব্যবিমূঢ় হৈ পৰে ৷

লগে লগে কিশোৰটোৱে মাতৃক ঘটনা সন্দৰ্ভত ফোন কৰি জনোৱাক মাতৃয়ে কিশোৰটোক ঘৰলৈ মাতি নৱজাতকটোক হাস্পতাললৈ লৈ যায় ৷ এই নৱজাতকটো সম্ভৱতঃ আজি জন্ম হোৱা বুলি জানিবলৈ দিয়ে স্বাস্থ্য কৰ্মীয়ে। আনহাতে এই ঘটনা সন্দৰ্ভত ইতিমধ্যে আৰক্ষীক অৱগত কৰে কিশোৰটোৰ পৰিয়ালৰ লোকে ৷

পলায়ন কৰা পুৰুষ আৰু মহিলাই নিজৰ অবৈধ সম্পৰ্ক ঢাকিবলৈ এনে ঘটনা সংঘটিত কৰাৰ সন্দেহ প্ৰকাশ কৰিছে স্থানীয় লোকে ৷ ইতিমধ্যে নৱজাতকটিক বাঘচোং প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰত প্ৰাথমিক চিকিৎসা প্ৰদান কৰা হয় ৷ কণমানিটো বৰ্তমান সুস্থ বুলি জানিব পৰা গৈছে। বৰ্তমান কণমানি নৱজাতকটিক Child Care এ চমজি লৈছে ৷ এই ঘটনাই বৰ্তমান সমগ্ৰ জিলাখনতেই তীব্ৰ চাঞ্চল্যৰ সৃষ্টি কৰিছে।

লগতে পঢ়ক:Rohingyas held in Karimganj: হোৱাটছএপ গ্ৰুপত পাকিস্তান জিন্দাবাদ ধ্বনি দি গ্ৰেপ্তাৰ সন্দেহযুক্ত ৰোহিংগীয়া

ABOUT THE AUTHOR

...view details