চিটাৰা ডেস্ক, 8 অক্টোবৰ :অসমীয়া ছবিৰ ভাল দিন ঘূৰি আহিছে ৷ দৰ্শকৰ মাজত ছবি ছোৱাৰ হেঁপাহ জাগিছে ৷ শেহতীয়াকৈ মুক্তি লাভ কৰা কেইবাখনো অসমীয়া ছবিয়ে দৰ্শকৰ পৰা বিপুল সঁহাৰি লাভ কৰিবলৈ সক্ষম হৈছে ৷ যোৰহাটতো ৰাইজৰ মাজত অসমীয়া চলচ্চিত্ৰকলৈ যথেষ্ট উৎসাহ দেখিবলৈ পোৱা গৈছে ৷
ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় পৰ্যায়ত খলকনি সৃষ্টি কৰা অসমীয়া ছবি চাবলৈ যোৰহাট চলচ্চিত্ৰ গৃহত দৰ্শক ভিৰ দেখি মন আপ্লুত হ’ব আপোনালোকৰ ৷ বেলকনিত ভগৱান শীৰ্ষক ছবিখন চাবলৈ অসংখ্য দৰ্শক আহিল ছবিগৃহলৈ । যোৰহাটৰ আইনস্ক চিনেমা হলত বিশিষ্ট পৰিচালক বিশ্বজিৎ বৰাৰ পৰিচালনাৰে আৰু নুৰুল চুলতানৰ প্ৰযোজনাৰে নিৰ্মিত হোৱা বেলকনিত ভগৱান ছবিখন চাবলৈ আহিল বহু চলচ্চিত্ৰপ্ৰেমী লোক ৷
ইতিমধ্যে মুক্তিৰ পিছতেই জনপ্ৰিয় হৈ পৰা ছবিখনৰ বিষয়বস্তুক ভূয়সী প্ৰশংসা কৰিছে চলচ্চিত্ৰপ্ৰেমীসকলে । আনহাতে ছবিখনত অভিনয় কৰা ৰাজ্যৰ কৃষিমন্ত্ৰী অতুল বৰাকে ধৰি আন তাৰকাসকলৰ অভিনয়ক প্ৰশংসা কৰিছে দৰ্শকে । গৌৰৱৰ বিষয় যে ছবিখনে ৰাজ্যৰ লগতে বিদেশতো প্ৰদৰ্শনৰ বাবে আমন্ত্ৰণ লাভ কৰিছে ৷