অসম

assam

ETV Bharat / state

NEISTএ আৰম্ভ কৰিছে চিএছআইআৰ 800 আঁচনিৰ কাম - উত্তৰ পূৰ্বাঞ্চল

নেষ্টৰ এক উল্লেখনীয় পদক্ষেপ । চিএছআইআৰ 800 আঁচনিৰ অন্তৰ্গত 800 মিলিয়ন লোকক সাঙুৰি লোৱা অভিলাষী আঁচনিৰ কাম আৰম্ভ নেষ্টৰ উদ্যোগত। প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ মুখ্য সঞ্চালক ডঃ জি নৰহৰি শাস্ত্ৰীৰ নেতৃত্বত সফলতাৰে আগবাঢ়িছে এই আঁচনিৰ কাম ।

নেষ্টে আৰম্ভ কৰিছে চিএছআইআৰ 800 আঁচনিৰ কাম
নেষ্টে আৰম্ভ কৰিছে চিএছআইআৰ 800 আঁচনিৰ কাম

By

Published : Jul 10, 2020, 9:20 PM IST

যোৰহাট, 10 জুলাই : উত্তৰ পূৰ্বাঞ্চলৰ বিজ্ঞান আৰু প্ৰযুক্তি বিদ্যা প্ৰতিষ্ঠান চমুকৈ নেষ্টে দুবছৰ পূৰ্বে সমগ্ৰ ভাৰতত চিএছআইআৰ 800 আঁচনিৰ অন্তৰ্গত 800 মিলিয়ন লোকৰ বাবে অভিলাষী আঁচনি গ্ৰহণ কৰিছিল । কিন্তু সময় আৰু আঁচনিৰ উপযুক্ত প্ৰচাৰ আৰু প্ৰসাৰৰ অভাৱৰ ফলত আধৰুৱা হৈ আছিল এই আঁচনিৰ কাম ।

প্ৰতিষ্ঠানটোৰ বৰ্তমানৰ মুখ্য সঞ্চালক ডঃ জি নৰহৰি শাস্ত্ৰীৰ নেতৃত্বত এতিয়া সফলতাৰে আগবাঢ়িছে এই আঁচনিৰ কাম । যিহেতু বৰ্তমানে প্ৰতিষ্ঠানটোত উচ্চ ডিগ্ৰীধাৰী তথা পি এইছ ডি ডিগ্ৰী গ্ৰহণ কৰি থকা একাংশ শিক্ষাৰ্থীক লগত লৈ এই কাম আৰম্ভ কৰা হৈছে, গতিকে আৰম্ভণিতে যোৰহাটৰ আশে-পাশে থকা 5 খন গাঁৱত এই শিক্ষাৰ্থীসকলে গাঁওসমূহৰ আৰ্থ-সামাজিক দিশত কেনেদৰে উন্নতি সাধন কৰিব পাৰি তাৰ ওপৰত গৱেষণা আৰম্ভ কৰে । এই গৱেষণাত গাঁওসমূহৰ 6 বছৰৰ বয়সৰ পৰা 60 বছৰ বয়সৰ লোকক সাঙুৰি লোৱা হৈছে ।

নেষ্টে আৰম্ভ কৰিছে চিএছআইআৰ 800 আঁচনিৰ কাম

উল্লেখ্য যে, গাঁৱৰ লোকসকলৰ খাদ্যাভ্যাস, বসবাস কৰা পৰিৱেশ, শিক্ষা, আৰ্থ-সামাজিক দিশসমূহ এই গৱেষণাত সাঙুৰি লোৱা হৈছে । আনহাতে, এই ক্ষেত্ৰত উত্তৰ পূৰ্বাঞ্চলৰ প্ৰতিষ্ঠানটোৱে কেৱল গৱেষণাই নহয় এই বিশেষ প্ৰতিষ্ঠানটোৰ পৰা লোকসকলৰ কেনেদৰে কৌশল বিকাশ সাধন কৰিব পাৰি তাৰ ওপৰতো গুৰুত্ব প্ৰদান কৰিছে । নেষ্টৰ মুখ্য সঞ্চালক ডঃ জি নৰহৰি শাস্ত্ৰীয়ে সদৰি কৰে এই কথা ৷

আনহাতে, এই প্ৰতিষ্ঠানটোত বহু কৌশল বিকাশ সাধন কৰিব পৰা আঁচনি অন্তৰ্ভুক্ত হৈ আছে যদিও সাধাৰণ মানুহে এই বিষয়ত অৱগত নহয় । গতিকে সাধাৰণ লোকসকলে যাতে নিজৰ জীৱিকা চলাই নিব পৰাকৈ প্ৰশিক্ষণ লাভ কৰাৰ লগতে আৰ্থিক দিশত সবল হৈ উঠিব পাৰে তাৰ বাবে গৱেষণা আৰু প্ৰশিক্ষণৰ ব্যৱস্থা কৰা হ’ব । এই গৱেষণা বৰ্তমান সমগ্ৰ যোৰহাট জিলাতে আৰম্ভ কৰিছে যদিও ইয়াৰ পিছত সমগ্ৰ উত্তৰ পূৰ্বাঞ্চলৰ লোকসকলক সাঙুৰি লৈ এই আঁচনিৰ কাম আগবঢ়াই নিয়া হ’ব বুলি ডঃ শাস্ত্ৰীয়ে জানিবলৈ দিয়ে ৷

নেষ্টে আৰম্ভ কৰিছে চিএছআইআৰ 800 আঁচনিৰ কাম

লগতে তেওঁ কয় যে, আগন্তুক দুবছৰৰ ভিতৰত এই প্ৰতিষ্ঠানটোৱে প্ৰশিক্ষণপ্ৰাপ্ত লোকসকলৰ উৎপাদিত সামগ্ৰীৰ বাবে এখন বিশেষ ‘হাব’ নিৰ্মাণ কৰিব, য’ত কৃষকৰ উৎপাদিত সামগ্ৰীসমূহৰ প্ৰদৰ্শনী মেলা পতা হ’ব আৰু স্থানীয় কৃষকে উদ্যোগপতিসকলৰ সৈতে পোনপটীয়াকৈ যোগাযোগ স্থাপন কৰিব পাৰিব । গ্ৰামাঞ্চলৰ সমাজ আৰু আৰ্থিক দিশৰ ওপৰত গুৰুত্ব দি আৰম্ভ কৰা এই আঁচনিয়ে দেশৰ আৰ্থ-সামাজিক দিশত প্ৰভাৱ বিস্তাৰ কৰিব ।

লগতে পঢ়ক : বন্ধৰ দিশে স্বাস্থ্য বিভাগৰ নিৰ্দেশ অমান্য কৰা ব্যৱসায়িক প্ৰতিষ্ঠান

ABOUT THE AUTHOR

...view details