যোৰহাট, 25 জানুৱাৰী :মঙলবাৰে সমগ্ৰ দেশতে উদযাপন কৰা হ’ব 72 সংখ্যক গণৰাজ্য দিৱস ৷ গণৰাজ্য দিৱসৰ এদিন পূৰ্বে অৰ্থাৎ সোমবাৰে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ লগতে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত একাদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস পালন কৰা হৈছে ৰাষ্ট্ৰীয় ভোটাৰ দিৱস ৷
ৰাষ্ট্ৰীয় ভোটাৰ দিৱসৰ মূল উদ্দেশ্য হৈছে ভোটাৰ সকল বিশেষকৈ দ্বি-ভোটাৰ সকলৰ মাজত সজাগতা সৃষ্টি কৰা ৷ যাতে ভাৰতবৰ্ষৰ প্ৰতিজন ভোটাৰে গণতান্ত্ৰিক প্ৰক্ৰিয়াত অংশগ্ৰহণ কৰিব পাৰে ৷
ৰাষ্ট্ৰীয় ভোটাৰ দিৱস উপলক্ষে যোৰহাটৰ উপায়ুক্ত কাৰ্যালয়ত উদযাপন কৰা অনুষ্ঠানত যোৰহাট জিলাৰ উপায়ুক্তই নিজে বিহু নাচি ভোটাৰ ৰাইজক সজাগ কৰাৰ প্ৰয়াস কৰে ৷ লগতে ৰাইজৰ মাজত সজাগতা অনাৰ বাবে সোমবাৰে পুৱাৰ ভাগতে যোৰহাটৰ নিৰ্বাচনী কাৰ্যালয়ৰ পৰা চাইকেল ৰেলীও উলিওৱা হয় ৷
যোৰহাটত উদযাপন একাদশ ৰাষ্ট্ৰীয় ভোটাৰ দিৱস যোৰহাটৰ উপায়ুক্ত ৰশ্মি অপৰাঞ্জী কৰাটি সহ সকলো প্ৰশাসনিক বিষয়াই নাচ-গানৰ মাজেৰে এই ভোটাৰ দিৱস পালন কৰে ৷ যোৰহাট জিলাৰ উপায়ুক্ত কাৰ্যালয়ৰ লগতে টীয়ক, তিতাবৰ, মৰিয়নীকে ধৰি যোৰহাটৰ পাঁচ ঠাইত এনেদৰে ভোটাৰ সকলক সজাগতা সৃষ্টি কৰিবৰ বাবে এই অনুষ্ঠানৰ আয়োজন কৰা হয় ৷
লগতে পঢ়ক :কয়লাখনিত মৃত্যু হোৱা শ্ৰমিকৰ বাসগৃহত উপস্থিত ছিদ্দিক আহমেদ