অসম

assam

ETV Bharat / state

National Theater Festival : অসম নাগালেণ্ড সীমান্তত সম্বন্বয়ৰ বাৰ্তা লৈ আৰম্ভ ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ - National Theater Festival in Assam Nagaland border

তিতাবৰৰ অসম নাগালেণ্ড সীমান্তত ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ (National Theater Festival celebrated in Assam Nagaland border in Titabor)। বিবিধ সংস্কৃতিৰ সমাহাৰ ৷ ৰবিবাৰৰ পৰা আৰম্ভ হৈছে এই মহোৎসৱৰ ৷

National Theater Festival in Assam Nagaland border
ৰবিবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ

By

Published : Jan 23, 2023, 12:17 PM IST

ৰবিবাৰৰ পৰা আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ

যোৰহাট, 23 জানুৱাৰী : সীমা সংঘাত নহয়, পাহাৰ ভৈয়ামৰ শান্তি বাৰ্তা বিয়পি পৰিছে অসম নাগালেণ্ড সীমান্তত ৷ তিতাবৰৰ অসম নাগালেণ্ড সীমান্তত আৰম্ভ হৈছে ৰাষ্ট্ৰীয় নাট্য মহোৎসৱ (National Theater Festival celebrated in Assam Nagaland border in Titabor)। তিতাবৰৰ বান্দৰচলীয়া তাতী গাঁৱত আৰম্ভ হৈছে উদুলি মুদুলি পৰিৱেশৰ ৷

বাঁহ আৰু খেৰেৰে স্থানীয় ৰাইজে নিৰ্মাণ কৰি উলিয়াইছে ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ মঞ্চ ৷ পাহাৰৰ বাঁহ আৰু ভৈয়ামৰ নৰা আনি স্থানীয় ৰাইজে তৈয়াৰ কৰি উলিয়াইছে মূল মঞ্চ খন । এইবাৰ অসম নাগালেণ্ড সীমান্তত উত্তেজনা নহয় বিয়পি পৰিছে সাংস্কৃতিক সম্বন্বয়ৰ বাৰ্তা ৷

সীমান্তবাসী অসমীয়াই অসমীয়া আৰু নগাসকলৰ মাজত শান্তি সম্প্ৰীতি বৰ্তাই ৰখাৰ উদ্দেশ্যৰে অসম নাগালেণ্ডৰ সীমান্তৰ তিতাবৰ বান্দৰচলিয়া তাঁতী গাঁৱৰ অনাবিল প্ৰাকৃতিক বিনন্দীয়া মুকলি পৰিৱেশত আয়োজন কৰিছে ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ ৷ অসম নাগালেণ্ডৰ সীমান্তত ৰবিবাৰৰ পৰা আৰম্ভ হৈছে পাদদেশীয় ৰাষ্ট্ৰীয় নাট মহোৎসৱৰ ।

উক্ত মহোৎসৱত দেশৰ বহুকেইটা নাট্য দলৰ লগতে নাগালেণ্ডৰ চাৰিটা আৰু অসমৰ চাৰিটা মুঠ ৮ টা নাট্য দলে নাট প্ৰদৰ্শন কৰিব বুলি উদ্যোক্তাসকলে জানিবলৈ দিয়ে । ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ আৰম্ভণিৰ দিনা দুখনকৈ নাট প্ৰদৰ্শন কৰা হয় । নাটকৰ লগতে অসম আৰু নাগালেণ্ডৰ বহু কেইটা সাংস্কৃতিক দলে বিভিন্ন জাতি জনগোষ্ঠীয় কলা- সংস্কৃতি প্ৰদৰ্শন কৰে ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ প্ৰথম দিনটোত ।

বৰ্ণাঢ্য কাৰ্যসূচীৰে অনুষ্ঠিত নাট মহোৎসৱৰ শুভাৰম্ভ কৰে ঠেঙ্গাল কছাৰী স্বায়ত্ত শাসিত পৰিষদৰ মুখ্য কাৰ্যবাহী সদস্য প্ৰতাপ কছাৰীয়ে (Thengal Kachari Autonomous Council)। নগা পাহাৰৰ পৰা বাঁহ আৰু ভৈয়ামৰ পৰা ধানৰ নৰাৰ আনি পাহাৰীয়া মুকলি পৰিবেশত আটক ধুনীয়াকৈ নিৰ্মাণ কৰিছে মুকলি মঞ্চ আৰু দৰ্শকৰ বাবে আসন । তিতাবৰৰ অসম নাগালেণ্ড সীমান্তত ৰবিবাৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ নাট প্ৰদৰ্শন কৰি আহ্লাদিত হৈ পৰিছে দৰ্শকৰ মন ৷

এক মনোৰম প্ৰাকৃতিক পৰিৱেশত ব্যতিক্ৰমী ৰূপত নাট উপভোগ কৰিছে ৰাজ্যৰ ভিন্ন প্ৰান্তৰ পৰা অহা অসংখ্য নাট্যপ্ৰেমী ৰাইজে । উল্লেখযোগ্য যে, নগা আৰু অসমীয়াৰ মাজত চলি থকা সীমা সংঘাত বৰ্তমানেও অমীমাংসিত হৈ থকাৰ সময়তে অসম নাগালেণ্ড সীমান্তত ৰাষ্ট্ৰীয় নাট্য মহোৎসৱৰ আয়োজনে দুয়োখন ৰাজ্যলৈ কঢ়িয়াবলৈ সক্ষম হৈছে এক বিশেষ বাৰ্তা ৷

লগতে পঢ়ক :BPF govt in 1900 crore scam: হাগ্ৰামা মহিলাৰীৰ বিয়াগোম কেলেংকাৰীৰ তথ্য ফাদিল প্ৰমোদ বড়োৰ

ABOUT THE AUTHOR

...view details