অসম

assam

টীয়কৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা

By

Published : Aug 20, 2021, 5:03 PM IST

যোৰহাটৰ টীয়কৰ কংকন কিশোৰ দত্তলৈ আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা । শিক্ষক্ষ দিৱসত ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব । অসমৰ আন এগৰাকী শিক্ষক বিনন্দ স্বৰ্গীয়াৰীলৈও আগবঢ়োৱা হৈছে ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা ।

National Teacher Award to Kangkan Kishor Dutta
টীয়কৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা

টীয়ক, ২০ আগষ্ট: চলিত বৰ্ষত অসমৰ দুগৰাকীকৈ শিক্ষকলৈ আগবঢ়োৱা হৈছে ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা । কংকন কিশোৰ দত্ত(Kangkan Kishor Dutta) আৰু বিনন্দ স্বৰ্গীয়াৰীক ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটাৰ বাবে বাছনি কৰা হৈছে । অসমৰ শৈক্ষিক ক্ষেত্ৰলৈ এই বিশেষ সন্মান কঢ়িয়াই অনা শিক্ষক কংকন কিশোৰ দত্ত যোৰহাট জিলাৰ টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ বিজ্ঞান বিষয়ৰ শিক্ষক । ভাৰত চৰকাৰৰ শিক্ষা বিভাগে শেহতীয়াকৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষক বঁটা লাভ কৰিবলগীয়া শিক্ষকৰ নাম সন্নিৱিষ্ট তালিকা প্ৰকাশ কৰিছে ।

টীয়কৰ কংকন কিশোৰ দত্তলৈ ২০২১ বৰ্ষৰ ৰাষ্ট্ৰীয় কৃতি শিক্ষকৰ বঁটা

সৰ্বভাৰতীয় পৰ্যায়ত মুঠ ৪৪ জন শিক্ষকলৈ আগবঢ়োৱা হৈছে এই বঁটা । শৈক্ষিক ক্ষেত্ৰলৈ আগৱঢ়োৱা অৱদানৰ বাবে কংকন কিশোৰ দত্ত আৰু বিনন্দ স্বৰ্গীয়াৰীলৈলৈ আগবঢ়োৱা হৈছে এই সন্মান ৷ ইতিমধ্যে ৰাজ্যৰ মুখ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা আৰু শিক্ষামন্ত্ৰী ডা০ ৰণোজ পেগুৱে এই দুয়োগৰাকী শিক্ষকক অভিনন্দন জনাইছে ৷ কংকন কিশোৰ দত্তৰ নাম শ্ৰেষ্ঠ শিক্ষক হিচাপে ঘোষণা হোৱাৰ লগে লগেই টীয়কৰ শৈক্ষিক আৰু বৌদ্ধিক সমাজত আনন্দময় পৰিৱেশৰ সৃষ্টি হৈছে ৷

শিক্ষকগৰাকীৰ এই সাফল্যত টীয়কৰ বামুণপুখুৰী উচ্চ মাধ্যমিক বিদ্যালয়ৰ ছাত্ৰ-ছাত্ৰী সকলো আনন্দিত হৈছে । ৫ ছেপ্টেম্বৰত অৰ্থাৎ শিক্ষক দিৱসত দুয়োগৰাকী শিক্ষকক ৰাষ্ট্ৰপতি ৰামনাথ কোবিন্দে এই বঁটা আনুষ্ঠানিকভাৱে প্ৰদান কৰিব ।

লগতে পঢ়ক:ধেমাজিত জব্দ গাহৰি ভৰ্তি বাহন

ABOUT THE AUTHOR

...view details