অসম

assam

ETV Bharat / state

National Rice Research Group : অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ পৰ্যালোচনা সভা - ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ পৰ্যালোচনা সভা

অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ দুদিনীয়া বাৰ্ষিক পৰ্যালোচনা সভা আৰম্ভ (national rice research review meeting) । অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষৰ লগত সংগতি ৰাখি এই কাৰ্যসূচী । ১২ খন গ্ৰন্থ, দুটা মোবাইল এপ, দুটা ৱেবছাইট উন্মোচন ।

National Rice Research Group
National Rice Research Group

By

Published : May 4, 2023, 10:38 PM IST

যোৰহাট, ৪ মে' : কৃষি পৰিবেশতন্ত্ৰৰ পৰিৱৰ্তন সাপেক্ষে খাদ্য চাহিদা পূৰণ কৰিব লাগিব । পৰিবেশ অনুকূল বিশেষ ধানৰ জৰিয়তে এই দিশত সময়োচিত চিন্তাৰে আগবাঢ়িব লাগিব । তাৰবাবে বহু পৰিকল্পিত গৱেষণাৰ প্ৰয়োজন আছে আৰু এই দিশত সময়োচিত পৰিকল্পনা কৰা হৈছে । যোৰহাটৰ অসম কৃষি বিশ্ববিদ্যালয়ত (Assam Agriculture University Jorhat) বৃহস্পতিবাৰৰ পৰা আৰম্ভ হোৱা ৰাষ্ট্ৰীয় ধান গৱেষণা গোটৰ ৫৮ সংখ্যক বাৰ্ষিক পৰ্যালোচনা সভাত (national rice research groups 58th meet) মুখ্য অতিথিৰ ভাষণত ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ উপ-সঞ্চালক প্ৰধান (শস্য বিজ্ঞান) ডঃ টি আৰ শৰ্মাই এই মত ব্যক্ত কৰে (national rice research review meeting in AAU) ।

চাউলেই আমাৰ জীৱন আৰু চাউল অবিহনে আমি জীৱনৰ কল্পনাই কৰিব নোৱাৰোঁ বুলি উল্লেখ কৰি ধানকেন্দ্ৰিক অৰ্থনীতিক ত্বৰান্বিত কৰিব লাগিব বুলি আশা ব্যক্ত কৰে । অসম কৃষি বিশ্ববিদ্যালয়ৰ কৃষি গৱেষণা সঞ্চালক ডঃ অশোক ভট্টাচাৰ্যই আদৰণী ভাষণ আগবঢ়োৱা দুদিনীয়া ৰাষ্ট্ৰীয় পৰ্যালোচনা সভাখনৰ উদ্বোধনী অনুষ্ঠানত অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ডঃ বিদ্যুৎ চন্দন ডেকাই সন্মানীয় অতিথি হিচাপে অংশগ্ৰহণ কৰি কয় যে আমাৰ অৰ্থনীতি ধানৰ ওপৰত নিৰ্ভৰ (national rice research review meeting) ।

নতুন নতুন ধানৰ জাত উদ্ভাৱন আৰু উন্নত কৃষি কাৰিকৰী কৌশলৰ বাবে সমগ্ৰ অৰ্থনীতি অধিক প্ৰভাৱান্বিত কৰাৰ দিশত আগবাঢ়িছে । সেয়ে কেনে ধৰণৰ ব্যৱস্থাৱলীৰ জৰিয়তে অধিক আগুৱাই যাব লাগিব সেই দিশৰ চিন্তা-চৰ্চা আগবাঢ়িছে (national rice research group) । তিতাবৰৰ অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষৰ কাৰ্যসূচীৰ লগত সংগতি ৰাখি আয়োজন কৰা এই অনুষ্ঠানত ধান গৱেষণা প্ৰতিষ্ঠানটোৰ শতবৰ্ষীয় পৰিক্ৰমাৰ বিষয়ে আলোকপাত কৰে মুখ্য বিজ্ঞানী ডঃ সঞ্জয় কুমাৰ চেতিয়াই ।

ভাৰতীয় কৃষি গৱেষণা প্ৰতিষ্ঠানৰ অন্তৰ্গত সৰ্বভাৰতীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ গৱেষণাৰ বিষয়ে প্ৰকাশ কৰে প্ৰতিষ্ঠানটোৰ সঞ্চালক ডঃ আৰ এম সুন্দৰমে । অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষৰ ল'গ' উন্মোচন কৰা এই অনুষ্ঠানত ওড়িশা কৃষি আৰু কাৰিকৰী বিশ্ববিদ্যালয়ৰ অনাৰেৰী প্ৰফেছৰ ডঃ এছ আৰ দাসে উদ্বোধনী অনুষ্ঠানটোত নিজৰ বক্তব্যত নতুন প্ৰযুক্তিৰে ধানৰ দিশত অধিক সম্ভাৱনা সৃষ্টি কৰাৰ দিশত চেষ্টা কৰা অতিকৈ জৰুৰী হৈ পৰিছে বুলি উল্লেখ কৰে । ৰাষ্ট্ৰীয় ধান গৱেষণা প্ৰতিষ্ঠানৰ সঞ্চালক ডঃ এ কে নায়ক আৰু ভাৰতীয় কৃষি গৱেষণা পৰিষদৰ অতিৰিক্ত সঞ্চালক প্ৰধান ডঃ এছ কে প্ৰধানেও বক্তব্য আগবঢ়োৱা সভাখনত ১২ খন গ্ৰন্থ, দুটা কৃষিভিত্তিক এপ আৰু দুটা ৱেবছাইট উন্মোচন কৰা হয় ।

ডঃ প্ৰিয়দৰ্শিনী ভৰালীয়ে আঁত ধৰা উদ্বোধনী অনুষ্ঠানত অসম ধান গৱেষণা প্ৰতিষ্ঠানৰ শতবৰ্ষ উপলক্ষে এই অনুষ্ঠানত ধান গৱেষণাৰ দিশত অনবদ্য অৱদান আগবঢ়োৱা কৃষি বিজ্ঞানী ডঃ অৰুণ কুমাৰ পাঠক আৰু ডঃ তমিজুদ্দিন আহমেদক সম্বৰ্ধনা জনোৱা হয় । দেশৰ বিভিন্ন প্ৰান্তৰ তিনি শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে ধান গৱেষণা আৰু পৰিৱৰ্তিত পৰিস্থিতিত এই ক্ষেত্ৰখনত ল'বলগীয়া ব্যৱস্থাৱলীৰ বিষয়ে বিশেষভাৱে পৰ্যালোচনাত মিলিত হয় । ৰাষ্ট্ৰীয় পৰ্যায়ৰ এই পৰ্যালোচনা বৈঠকত ধান গৱেষণাৰ লগত জড়িত দেশৰ কৃষি বিশ্ববিদ্যালয়সমূহ, গৱেষণা প্ৰতিষ্ঠানসমূহ আৰু এই দিশৰ লগত জড়িত নিৰ্বাচিত কৃষি উদ্যোগীয়ে অংশগ্ৰহণ কৰিছে ।

লগতে পঢ়ক :CM Karbi Anglong Visit : কাৰ্বি আংলঙত ২৫০০ কোটিৰ আঁচনিৰ শুভাৰম্ভণি মুখ্যমন্ত্ৰীৰ

ABOUT THE AUTHOR

...view details