যোৰহাট, 15 ছেপ্টেম্বৰ : অসম কৃষি বিশ্ববিদ্যালয়ত ৰাষ্ট্ৰীয় পৰ্যায়ৰ " ষ্টুডেন্ট এনগেজমেন্ট কনক্লেভ" আৰম্ভ হৈছে ৷ এই কনক্লেভত দেশৰ 6 খন কৃষি তথা পশু চিকিৎসা বিজ্ঞান বিশ্ববিদ্যালয়ৰ শতাধিক গৱেষক, বিজ্ঞানী আৰু শিক্ষাৰ্থীয়ে অংশগ্ৰহণ কৰে ৷
শুকুৰবাৰ অৰ্থাৎ 15 ছেপ্টেম্বৰৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ মাধৱ চন্দ্ৰ দাস সোঁৱৰণী প্ৰেক্ষাগৃহত আয়োজিত কনক্লেভৰ উদ্ধোধনী অনুষ্ঠানত মহাপুৰুষ শ্ৰীমন্ত শংকৰদেৱ বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ মৃদুল হাজৰিকাই সন্মানীয় অতিথি হিচাপে ভাষণ প্ৰদান কৰে ৷ ভাষণত তেওঁ কয় যে, বৰ্তমান সময়ত কৃষিক্ষেত্ৰত অহা শেহতীয়া ধাৰাই দেশৰ কৃষি ব্যৱস্থাত অধিক সম্ভাৱনাৰ সৃষ্টি কৰিছে । কৃষি আৰু আনুসংগিক ক্ষেত্ৰত যথেষ্ট গৱেষণায়ো এই দিশত আশাৰ সঞ্চাৰ কৰিছে। চাহৰ দৰে বিশ্ব সমাদৃত আমাৰ কৃষিজাত সামগ্ৰীৰ তথা বিশেষভাৱে প্ৰস্তুত হোৱা উপাদানে কৃষি উদ্যোগীকৰণৰ দিশত নতুনত্ব বহন কৰিছে।
অসম কৃষি বিশ্ববিদ্যালয়ৰ উপাচাৰ্য ড৹ বিদ্যুৎ চন্দন ডেকাই মুখ্য অতিথিৰ ভাষণত নিজস্ব ধাৰণাৰে সময়োচিত ভাৱে কৃষি ষ্টাৰ্ট আপৰ জৰিয়তে আগবাঢ়িলে যথেষ্ট লাভান্বিত হ'ব পৰা যায় বুলি উল্লেখ কৰে। শিক্ষাৰ্থীসকলকো এই চিন্তাৰে কাম আৰম্ভ কৰিবলৈ আহ্বান জনায় উপাচাৰ্যগৰাকীয়ে ।