যোৰহাট, ২৬ এপ্ৰিল: অসম কৃষি বিশ্ববিদ্যালয়ত এখনি জৈৱ প্ৰযুক্তিবিদ্যা বিভাগৰ ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয় । সোমবাৰৰ পৰা অসম কৃষি বিশ্ববিদ্যালয়ৰ উত্তৰ পূৱ জৈৱ প্ৰযুক্তিবিদ্যা কেন্দ্ৰৰ উদ্যোগত 'কৃষি আৰু শিল্পত অনুজীৱ সমন্বিত জৈৱ প্ৰযুক্তিবিদ্যাৰ অৰিহণা' শীৰ্ষক ৰাষ্ট্ৰীয় পৰ্যায়ৰ কৰ্মশালা অনুষ্ঠিত হয় । কৰ্মশালাখনৰ মুকলি কৰে বিশ্ববিদ্যালয়খনৰ উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই । মুকলি কৰি কৃষি বিজ্ঞানীসকলৰ গৱেষণা লব্ধ নিত্য নতুন ধাৰণা আৰু উদ্ভাৱনসমূহ নৱপ্ৰজন্মৰ মাজত প্ৰসাৰ কৰিব লাগিব । যুৱ প্ৰজন্মৰ চিন্তা-চৰ্চা সতেজ আৰু উৎসাহী । সেয়ে নতুন প্ৰজন্মক আমন্ত্ৰণ কৰিব লাগিব আৰু উদ্ভাৱনক প্ৰতি সদা আগ্ৰহী এইসকলক লৈ নতুন পৰিকল্পনা আৰু গৱেষণা কৌশল লৈ আগবাঢ়িব লাগিব বুলি এইদৰে মত ব্যক্ত কৰে উপাচাৰ্য ড° বিদ্যুত চন্দন ডেকাই ।
ভাৰত চৰকাৰৰ জৈৱ প্ৰযুক্তিবিদ্যা সঞ্চালকালয়ৰ অৰ্থ সাহায্যৰ ২৬ এপ্ৰিলৰ পৰা ১ মে' লৈ অনুষ্ঠিত হ'বলগীয়া এই কৰ্মশালাৰ মুখ্য অতিথিৰ ভাষণত তেখেতে কয় যে প্ৰণালীবদ্ধ বৈজ্ঞানিক অধ্যয়নৰ যোগেদি বিশ্বৰ ভিতৰতে চহকী জৈৱ বৈচিত্ৰ আৰু অন্যান্য অনুজীৱ পুষ্ট অসম তথা উত্তৰ পূৰ্বাঞ্চলক জীৱ প্ৰযুক্তিবিদ্যাৰ কেন্দ্ৰস্থলৰূপে গঢ় দিয়াৰ প্ৰচুৰ সম্ভাৱনীয়তা আছে । দেশৰ প্ৰধানমন্ত্ৰীৰ পৃষ্ঠপোষকতাত ৰাষ্ট্ৰীয় পৰ্যায়ত চলিত 'আজাদী কি অমৃত মহোৎসৱ'ৰ বক্তৃতা চিৰিজৰ অন্তৰ্গত এই কৰ্মশালাৰ আদৰণি ভাষণত ডি বি টিৰ ডাইৰেক্টৰ ড° বিদ্যুত কুমাৰ শৰ্মাই শিক্ষাৰ্থী, গৱেষক, উদ্যোক্তা আৰু কৃষকৰ সুবিধাৰ্থে জীৱ প্ৰযুক্তিবিদ্যামূলক উদ্ভাৱন বিষয়ক এলানি বিশেষ কৰ্মশালা আৰু প্ৰশিক্ষণ কাৰ্যসূচী গ্ৰহণ কৰা বুলি প্ৰকাশ কৰে । এই প্ৰথমখন কৰ্মশালাৰ যোগেদি আন্তঃশৃংখলিত এই বিষয়টোক প্ৰাথমিক পৰ্যায়ৰ গৱেষক, শিক্ষা অনুষদ আৰু ছাত্ৰ সমাজৰ কাষলৈ নিয়াৰ প্ৰয়াস কৰা হৈছে ।